বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ নিৰ্বাচনী অধিসূচনা জাৰি

download 3

তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ খালী হৈ থকা ডেকাসত্ৰীয়া পদৰ বাবে অহা ১৮ জানুৱাৰীত  নিৰ্বাচনী অধিসূচনা জাৰি কৰা হব  ৷ বৰপেটা জিলা প্ৰশাসনৰ ৰূপান্তৰ আৰু উন্নয়ন শাখাই পৰিচালনা কৰিব লগীয়া সত্ৰৰ নিৰ্বাচনৰ সময় সূচী অনুসাৰে  অহা ১৪ ফেব্ৰুৱাৰীত ডেকাসত্ৰীয়া পদৰ নিৰ্বাচন অনুষ্ঠিত হব ৷ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ হব ১৯ জানুৱাৰীত ৷ ২০ ৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত ওজৰ- আপত্তি গ্ৰহণ কৰাৰ পিছত  ২৭ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ৷ ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ কৰিব পাৰিব ৷ ২ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ পৰীক্ষা , ৪ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ আৰু ৫ ফেব্ৰুৱাৰীত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হব ৷ ১৪ ফেব্ৰুৱাৰী দেওৰাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোট গ্ৰহণ কৰা হব ৷ আনহাতে সিদিনা সন্ধিয়া ৬ বজাৰ পৰা ভোট গণনা কৰি ফলাফল ঘোষণা কৰা হব ৷ উল্লেখ্য যে বিগত বৰ্ষৰ ২৪ আগষ্টৰ নিশা ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকৰ অকালতে পৰলোক হোৱাৰ পিছৰে পৰা ডেকাসত্ৰীয়াৰ আসনখন খালী হৈ আছে ৷ নৱজিৎ দাস আছিল পঞ্চদশ ডেকাসত্ৰীয়া ৷ ডেকাসত্ৰীয়া পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হবলগীয়া চাৰিগৰাকী ব্যক্তিৰ নাম চৰ্চা হৈ আছে ৷

Exit mobile version