জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

not interested in contesting 2021 assembly polls himanta biswa sarma

●অহা কালিৰ পৰা আৰম্ভ হ’ব ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ।
●কালি পুৱা ১০ বজাত নৰেন্দ্ৰ মোদীয়ে ভেকচিনেছন ড্ৰাইভ আৰম্ভ কৰিব ।
●সম্প্ৰতি অসমত এক হেজাৰ ছশ ৫৬ জন সক্ৰিয় ক’ভিড ৰোগী আছে ।
●সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.১০ শতাংশ ।
●মৃত্যুৰ হাৰ ৫০ শতাংশৰো তলত .৪৯
●যোৱা সপ্তাহত দৈনিক সংক্ৰমণৰ হাৰ ৫০ শতাংশৰো কম পোৱা গৈছে ।
●সম্প্ৰতি অসমৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।
●যিহেতু ৰাজ্যত ক’ভিডৰ নতুন মিউটেন্ট দ্বাৰা আক্ৰান্ত কিছু ব্যক্তিক চিনাক্ত কৰা হৈছে । সেয়েহে সম্প্ৰদায়ৰ মাজত কিছুদিন কৰ’না উপস্থিতি থকাৰ সম্ভাৱনা আছে ।
●ক’ভিড ৰোধ কৰিবৰ বাবে প্ৰতিষেধক গ্ৰহণ কৰাটো আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ।
●বিমান সেৱা নিয়মীয়া হ’লে ক’ভিডে পুনৰ আক্ৰমণ নকৰিব তাৰ কোনো প্ৰত্যাভূতি নাই ।
●ভাৰতত অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিন প্ৰদান কৰা হ’ব ।

●প্ৰথম পৰ্যায়ত চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স ড্ৰাইভাৰ, চফাই কৰ্মচাৰী ক’ভিড ৰোগীৰ স’তে প্ৰত্যক্ষভাৱে জড়িত লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●দ্বিতীয় পৰ্যায়ত আৰক্ষী, সামৰিক বাহিনীক প্ৰদান কৰা হ’ব ।
●৫০ৰ উৰ্দ্ধৰ সকলোকে টিকাকৰণ কৰা হ’ব ।
●৫০ৰ তলৰ সহৰোগীসকল যেনে – উচ্চৰক্তচাপ, মধুমেহ, স্নায়ু ৰোগত আক্ৰান্ত লোকসকল ।
●ভাৰতত সৰ্বমুঠ ৩০ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●অসমত প্ৰায় ৯০ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●Cowin Portal ত পঞ্জীয়ন কৰা সকলে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।
●অসমত সম্প্ৰতি ২.৯ লাখ লোকে পঞ্জীয়ন কৰিছে ।
●ইয়াৰে ১.৯ লাখ স্বাস্থ্যকৰ্মী আৰু এক লাখ আৰক্ষী, সেনাবাহিনীসকল ।
●কিন্তু এই ২.৯ লাখৰ ভিতৰত প্ৰথম পৰ্যায়ত এক লাখেহে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।
●চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে প্ৰতিষেধক লাভ কৰিব ।
●৪,৬,৫১ জন টিকাকৰণকাৰীক প্ৰশিক্ষণ দিয়া হৈছে ।
●এএনএম নাৰ্ছসকলক এই প্ৰশিক্ষণ দিয়া হৈছে ।
●১৩০০ চিকিৎসকক তেওঁলোকক ছুপাৰভাইজাৰৰ বাবে নিযুক্ত কৰা হৈছে ।
●৬৫ টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
●ইয়াৰে সাতখন মেডিকেল কলেজ আৰু ২৪ খন ৰাজ্যিক চিকিৎসালয় ।
●কেন্দ্ৰৰ তালিকাখন হোৱাটছএপত উপলব্ধ হ’ব ।

Exit mobile version