ভূপিন্দৰ সিং মানৰ পদত্যাগত প্ৰশ্নৰ মুখত কমিটিৰ ভৱিষ্যৎ

bhupendra singh mann 123

বিতৰ্কিত কৃষি আইনক লৈ কৃষকসকলৰ মতামত জানিবলৈ উচ্চতম ন্যায়ালয়ে গঢ়ি দিয়া কমিটি ত্যাগ কৰিলে ভূপিন্দৰ সিং মানে । চাৰি সদস্যৰে গঠিত কমিটি ভাৰতীয় কিষান ইউনিয়নৰ নেতাৰ ‘নিৰপেক্ষতাক’লৈ প্ৰশ্ন উত্থাপন হৈছিল । কাৰণ, পূৰ্বৰ পৰাই তেওঁ তিনি কৃষি আইনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে ।

প্ৰায় ৫০ দিন ধৰি দিল্লীৰ সীমান্তত প্ৰতিবাদ কৰি থকা কৃষক সংগঠনবোৰে জনাই যে, তেওঁলোকে কমিটিৰ ওচৰত অভিযোগ উত্থাপন নকৰে । কৃষকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে, কমিটিৰ সদস্যসকলৰ আইনৰ পক্ষত কাৰ্যকৰীতা কিমান ? এই পৰিস্থিতিত কালি ভূপিন্দৰ সিং মানে কমিটি ত্যাগ কৰাৰ পাছত ইয়াৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে । কাৰণ, শীৰ্ষ ন্যায়ালয়ে কমিটিক কৃষকসকলৰ আপত্তি আৰু চৰকাৰৰ বক্তব্য শুনি দুমাহৰ ভিতৰত আবেদন কৰিবলৈ কৈছিল । সেয়েহে কৃষি আইনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে। সম্প্ৰতি কমিটিখনৰ বাবে নতুন সদস্যৰ সন্ধান কৰিব লাগিব ।

একাংশ অধিবক্তাৰ মতে, মুখ্য ন্যায়াধীশৰ বেঞ্চৰ দ্বাৰা নিৰ্মিত কমিটিৰ নিৰপেক্ষতাক লৈ পূৰ্বেই প্ৰশ্ন উত্থাপন হৈছিল । এইবাৰ কমিটিৰ এক সদস্যই নিজে ত্যাগ কৰাই শীৰ্ষ ন্যায়ালয়ৰ অস্বস্তিৰ কাৰণ ।

মানে এক বিবৃতিত কয়, সদস্য হিচাপে নিয়োগ কৰাৰ বাবে ধন্যবাদ । কিন্তু এজন কৃষক আৰু কৃষক সংগঠনৰ নেতা হিচাপে তেওঁ কৃষক আৰু পঞ্জাৱৰ মানুহৰ কাষত থাকিব বিচাৰে । কৃষক সংগঠনবোৰৰ ভয় আৰু সংশয় দেখিয়ে তেওঁ কমিটি ত্যাগ কৰিছে ।

ভূপিন্দৰে কমিটি ত্যাগ কৰাৰ পাছত একাংশ কৃষক নেতাসকলৰ দাবী, কমিটিৰ আন এক সদস্য অনিল ধনৱাতেও কমিটি ত্যাগ কৰিব লাগে । তেওঁ মহাৰাষ্ট্ৰৰ কৃষক সংগঠনৰ নেতা । কিন্তু ধনৱাতে জনাই যে তেওঁ কমিটি ত্যাগ নকৰে ।

ধনৱাতে কৃষি আইনৰ পক্ষত পূৰ্বে প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ কিষান সমন্বয় কমিটিৰ মঞ্চৰ পৰা কৃষিমন্ত্ৰীক পত্ৰ লিখি দাবী জনাই তিনি কৃষি আইন প্ৰত্যাহাৰ নকৰিবলৈ । কৃষক সভাৰ নেতা হান্নান ম’ল্লাই কয়, ‘প্ৰতিবাদৰ চাপত কমিটিৰ সদস্যসকল পলাব বিচাৰিছে ।’

স্থগিতাদেশ জাৰি কৰাৰ লগতে আন্দোলনস্থলীৰ পৰা বয়সস্থ, শিশু আৰু মহিলাসকলক আঁতৰ হ’বলৈ অনুৰোধ জনাই মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ব’বডেই । অধিবক্তাসকলক বুজোৱাৰ দায়িত্ব দি তেওঁ কয়, ভৱিষ্যতে এই বিষয়ত ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিব পাৰে । আজি ইয়াৰ প্ৰতিবাদত আঠশ গৰাকী মহিলা আৰু পুৰুষে মুক্ত পত্ৰ লিখে । পত্ৰত লিখে, ‘ব’বডেই কৃষক আন্দোলনত মহিলাসকলৰ ভূমিকাক অৱমাননা কৰিছে । কৃষক হিচাপে স্বীকৃতি পাবৰ বাবে তেওঁলোকে বহুদিন সংগ্ৰাম কৰিছে । তাৰো অসন্মান কৰিছে উচ্চতম ন্যায়ালয়ে ।’

কমিটি গঠনৰ পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছিল, ১৫ জানুৱাৰীত কেন্দ্ৰৰ স’তে প্ৰতিবাদী কৃষক সংগঠনবোৰৰ বৈঠক হ’ব । ইয়াৰ পূৰ্বে অষ্টম পৰ্যায়ৰ বৈঠকৰ পাছতো সমাধানৰ সূত্ৰ পোৱা নাযায় । কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰে জনাই যে, ‘চৰকাৰ আলোচনাৰ বাবে প্ৰস্তুত । নিৰ্ধাৰিত সময়তে বৈঠক হ’ব ।’ তেওঁ আশা কৰে ইতিবাচক সমাধান পোৱা যাব ।

কৃষি মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, বৈঠকত মন্ত্ৰীসকলে কৃষক নেতাসকলক কমিটিৰ সন্মুখত নিজৰ আপত্তি জনাবলৈ ক’ব । কিন্তু কৃষকসকলে আইন প্ৰত্যাহাৰৰ দাবীত অটল থকাৰে সম্ভাৱনা ।

এনচিবিৰ নেতা শৰদ পাৱাৰে মন্তব্য কৰে, ‘কৃষক নেতাসকলৰ স’তে মই একমত যে, কমিটিৰ স’তে আলোচনাত কোনো সমাধান পোৱা নাযাব । প্ৰকৃতাৰ্থত কোনো নিৰপেক্ষ ব্যক্তিক কমিটিত অন্তৰ্ভুক্ত কৰিলে ভাল হয় ।’

অনাগত দিনত কংগ্ৰেছে দেশজুৰি ৰাজ্যভৱন ঘেৰাও কৰাৰ হুংকাৰ দিছে । আজি ৰাহুল গান্ধীয়ে মাডুৰাইত কয়, ‘মোদী চৰকাৰে কৃষকসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে । কাৰণ তেওঁলোকে কৃষকসকলৰ ভূমি, শস্য উদ্যোগপতি বন্ধুসকলৰ হাতত তুলি দিব বিচাৰিছে ।’

Exit mobile version