ৰঙা-বগা-সাততেই জীৱন আবদ্ধ ছেভেনৰাজৰ

246415 sevenraj

ভ্রাতৃ-ভগ্নীসকলৰ ভিতৰত তেওঁ আছিল সাত নম্বৰ। তাৰ বাবে পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল ছেভেনৰাজ। পৰিয়ালৰ সদস্যসকলে প্ৰধানকৈ বগা পােছাকেই পৰিধান কৰিছিল। সেই কাৰণেই সাত নম্বৰ আৰু বগা ৰঙৰ প্ৰতি শৈশৱতেই কিছু বিশেষ ভালপােৱাৰ সৃষ্টি হৈছিল। অৱশ্যে বগাৰ উপৰি আন এটা ৰঙতাে তেওঁৰ দৃষ্টি নিবদ্ধ হৈছিল। সেয়া হৈছে ৰঙা ৰং।

ছেভেনৰাজ ডাঙৰ হােৱাৰ পাছতাে তেওঁৰ ভালপােৱা কিন্তু ম্লান নপৰিল। কোনােপধ্যেই তেওঁ নিজৰ পছন্দত আনৰ হস্তক্ষেপে পৰিবলৈ নিদিলে। যাৰ বাবে সমগ্ৰ ভাৰততে তেওঁ এতিয়া সাত নম্বৰ ৰঙা-বগা ৰূপেই পৰিচিত হৈ পৰিছে। এই আচহুৱা পৰিস্থিতিৰ কাৰণ জানিবলৈ হ’লে কিন্তু কমেও এটা দিন ছেভেনৰাজৰ পৰিয়ালৰ স’তে সময় কটাব লাগিব। স্বাভাৱিকতে ছেভেনৰাজ এতিয়া হৈ পৰিছে বিভিন্ন জনৰ কৌতূহলৰ বিষয়।

 

বাংগালুৰুত জন্মগ্রহণ কৰা ছেভেনৰাজ এতিয়া প্রতিষ্ঠিত ব্যৱসায়ী। পুৱা শােৱাৰ পৰা উঠাৰ পৰা নিশা বিছনাত পৰা পর্যন্ত তেওঁ কেৱল ৰঙা-বগাৰ মাজতেই থাকে। তেওঁৰ পােছাক, জোতা, বেগ, ঘড়ী আদি সকলােৰেই হয় ৰঙা বা বগা, অন্যথা দুয়ােটা ৰঙৰ মিশ্রণ। আনকি তেওঁৰ বিছনা চাদৰ, টুপী, টুথব্রাছ, টুথপেষ্ট, চাহৰ কাপ, চকী-টেবুল, আলমিৰা, বাছন-পত্ৰ আদি যাৱতীয় যিমানবােৰ সামগ্রী বাসগৃহত আছে। সকলােবােৰেই কেৱল ৰঙা-বগা।

এই ৰঙা-বগা ৰঙৰ প্রতি ভালপােৱা ইমানেই বেছি যে নিজৰ বাসগৃহৰ বাহিৰ-ভিতৰ দুয়ােফালই বগা-ৰঙা ৰং দি লৈছে। আনকি নিজৰ গাড়ীৰ ৰঙো ৰঙা-বগা। ছেভেনৰাজৰ পৰিয়ালত আছে। পত্নী আৰু দুই পুত্র-কন্যা। তেওঁলােকেও ছেভেনৰাজৰ আচহুৱা পছন্দক সম্প্রতি মানি লৈছে।

তেওঁলােকেও এতিয়া ৰঙা-বগাতেই নিজক অভ্যস্ত কৰি তুলিছে। দুই সন্তানেও সৰুৰে পৰাই।একমাত্র ৰঙা আৰু বগা পােছাকেই পৰিধান কৰে। পত্নীয়ে অৱশ্যে বিবাহৰ পাছতে ছেভেনৰাজৰ এই আচহুৱা অভ্যাসত নিজকে খাপ খুৱাবলৈ কিছু অসুবিধাত পৰিছিল।

কিন্তু দিন বাগৰাত তেওঁ বিষয়টো বুজিব পাৰিলে আৰু নিজক বগা-ৰঙাত অভ্যস্ত কৰি তুলিছিল। বগা-ৰঙাৰ সমান্তৰালকৈ ছেভেনৰাজে একমাত্র নিজৰ নামৰ কাৰণেই সাত নম্বৰটোকো জীৱনৰ ।অংগ কৰি তুলিছে। সেই বাবেই তেওঁৰ প্ৰতিটো পােছাকত থাকে সাতটা বুটাম, প্ৰতিটো পেণ্টত আছে সাতটাকৈ পকেট।

ইয়াৰ উপৰি ইংৰাজী, হিন্দী, তামিল, মাৰাঠী, কন্নড়, তেলুগু, মালয়ালম, এই সাতটা ভাষাতে ছেভেনৰাজ দক্ষ। প্রতিবেশীৰ বাবে ছেভেনৰাজৰ পৰিয়াল ৰঙা-বগা ৰূপেই পৰিচিত ৰঙা-বগাৰেই নিজৰ জীৱন ৰঙীন কৰি তুলিছে তেওঁলােকে।

Exit mobile version