চিৰতা তিতাৰ মিঠা গুণ

81u9DWR CDL. SL1500

আমাৰ অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত বনৌষধি সমূহৰ অন্যতম হ’ল চিৰতা তিতা। এইবিধ উদ্ভিদৰ পৰা তৈয়াৰী বনৌষধ হয়তাে মুখত দিবলৈ বৰ তিতা; কিন্তু ইয়াৰ গুণবােৰ হ’লে অতিশয় মিঠা। চিৰতা হ’ল বহুবর্ষজীৱী উদ্ভিদ। গছজোপাৰ বৈজ্ঞানিক alat Swerita chirayita ovo বেছি ডেৰ মিটাৰ ওখ হােৱা গছজোপাৰ সৰু পাতবােৰ বৰ তিতা। নানা ধৰণৰ ৰােগ প্ৰতিৰােধত অতি কার্যকৰী। তলত ভেষজ গুণবােৰ উল্লেখ কৰা হ’ল—

●ডায়েৰিয়া আৰু যকৃতৰ বিভিন্ন ৰােগ প্ৰতিৰােধত চিৰতাৰ পানী বৰ উপকাৰী।

●ইনফ্লুৱেঞ্জা হলে ৫-১০ গ্রাম চিৰ চাৰি কাপ পানীত ওতলাই দুকাপ কৰক। তাৰ পাছত সেই পানী ছেকি লৈ আধাখিনি পুৱা আৰু আধাখিনি বিয়লি খাবলৈ দিয়ক। ৰােগীৰ শৰীৰৰ দুর্বলতা দূৰ হ’ব।

●এলাৰ্জিৰ বাবে শৰীৰ ফুলি উঠিলে চিৰতাৰ পানী পান কৰিলে উপকাৰ পােৱা যায়। নিশা পাঁচ গ্রাম চিৰতা ২৫০ মিলিলিটাৰ গৰম পানীত তিয়াই ৰাখি পাছদিনা পুৱা সেই পানী দুই-তিনিবাৰত খাব।

●গৰ্ভাৱস্থাৰ প্ৰথমফালে মহিলাৰ বমি ভাব আহে। এক গ্রাম চিৰতা গুড়ি কৰি লৈ চেনিৰ পানীত মিহলাই পান কৰিলে বমি বন্ধ হ’ব। ইয়াৰ উপৰি ঘনাই বমি হলে বা জ্বৰৰ কাৰণে বমি হলে পেটত একোৱেই নাথাকে। সেইক্ষেত্ৰত দুকাপ গৰম পানীত পাঁচ গ্রাম চিৰতা সামান্য থেতেলিয়াই লৈ তিয়াই থওক। দুই-তিনি ঘণ্টাৰ পাছত ছেকি লৈ সেই পানী অলপ অলপ কৈ খাব।

●হাঁপানিৰ প্রকোপ বেছি হ’লে আধা গ্রাম চিৰতা গুড়িত মৌ মিহলাই তিনি ঘণ্টাৰ ব্যৱধানত দুই- তিনিবাৰ সামান্য পৰিমাণত চেলেকি খাব। হাঁপানিৰ প্রকোপ কমিব।

● কৃমিৰ উপদ্ৰৱ হলে ২৫০ৰ পৰা ৫০০ মিলিগ্রাম পর্যন্ত চিতা সামান্য পৰিমাণৰ মৌ বা চেনি মিহলাই খাওক। সমস্যাৰ সমাধান ঘটিব। ইয়াৰ উপৰি কৃমিৰ কাৰণে হােৱা পেটৰ বিষাে দূৰ হ’ব। গাৰ খজুৱতি হলে ২০ গ্রাম চিৰতাত সামান্য পানী দি ছেকি লৈ লােৰ কেৰাহীত সৰিয়হৰ তেল গৰম কৰি সেই তেলত ভাজক;চাব যাতে পুৰি ক’লা নহয়। তাৰ পাছত নমাই ছেকি লৈ অলপ অলপকৈ খজুৱতি হােৱা স্থানত ঘঁহি ঘঁহি লগাব। তিনি দিনৰ ভিতৰতে খজুৱতি কমি আহিব।

●চুলি সৰিলেও চিৰতাই উপকাৰ কৰে। তিনি গ্রাম চিৰতা একাপ গৰম পানীত তিয়াই থৈ পাছদিনা সেই পানীখিনি ছেকি লৈ মূৰ ধােৱক। চুলি সৰা কমিব। অৱশ্যে এদিনৰ ব্যৱধানত চাৰি দিন সেইদৰে মূৰ ধুব লাগিব। ইয়াৰ উপৰি ২৫ গ্রাম চিৰতা ফুল ২০০ গ্রাম নাৰিকল তেলত ভাজি সেই তেল মূৰত ব্যৱহাৰ কৰক। খজুৱতি বা উঁফি দূৰ হ’ব।

Exit mobile version