নিশ্চিত হ’ল উৎস! কৰ’না সংক্ৰমিত বাদুলিয়ে কামুৰিছিল বিজ্ঞানীক

bejerano bat web

বাদুলিৰ পৰাই মানুহৰ শৰীৰলৈ কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱাৰ বিষয়টো নিশ্চিত হোৱাৰ দিশে আগবাঢ়িছে । চীনৰ এজন বিজ্ঞানীৰ স্বীকাৰোক্তিৰ পাছতে এই বিষয়টো পুনৰ চৰ্চালৈ আহিছে । চীনৰ হুবেই প্ৰদেশৰ মহান চহৰতেই কৰ’না ভাইৰাছৰ প্ৰথম সংক্ৰমণৰ তথ্য পোৱা গৈছিল । এই উহানতে থকা এটা জীৱাণু পৰীক্ষাগাৰৰ এজন বিজ্ঞানীয়ে অৱশেষত স্বীকাৰ কৰিলে যে নমুনা সংগ্ৰহৰ সময়ত তেওঁক এটা বাদুলিয়ে কামুৰিছিল । এই স্বীকাৰোক্তিৰ পাছতে সম্প্ৰতি বিষয়টো পুনৰ চৰ্চিত হৈ পৰিছে ।

উল্লেখ্য যে উহানৰ পৰীক্ষাগাৰটোৰ পৰা বহু নিলগত পাহাৰৰ এটা গুহাত অসংখ্য বাদুলিৰ বসবাস । তাৰ পৰাই জীৱাণুৰ নমুনা সংগ্ৰহৰ বাবে গৈছিল উহান পৰীক্ষাগাৰৰ এদল বিজ্ঞানী । উক্ত দলতে আছিল সম্প্ৰতি স্বীকাৰোক্তি দিয়া বিজ্ঞানীজন । তেওঁ লগতে দাবী কৰিছে যে উক্ত বাদুলিৰ পৰা সংগ্ৰহ কৰা নমুনাত কৰ’না সংক্ৰমণ আৰম্ভ হোৱা বুলি প্ৰথমৰ পৰাই বিভিন্ন দেশে দাবী কৰি আহিছিল ।

এতিয়া বিজ্ঞানীজনৰ এই স্বীকাৰোক্তিত সেই কথা পুনৰ স্পষ্ট হৈ পৰিল । আজি প্ৰকাশিত এক প্ৰতিবেদনত সংশ্লিষ্ট বিজ্ঞানীজনৰ ভাষ্যত লিখা হৈছে যে তেওঁ পৰিধান কৰি থকা গ্লাভছৰ ওপৰেদিয়েই বাদুলিটোৱে কামুৰিছিল । এটা বেজিয়ে বিন্ধাৰ দৰে অনুভূতি হৈছিল বুলিও তেওঁ মন্তব্য কৰিছে ।

চীনৰ গা এৰা মনোভাৱৰ বাবেই কৰ’নাৰ সংক্ৰমণে বিয়াগোম আকাৰ লোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি উঠি আহিছে । এই অভিযোগৰ সমৰ্থনত বিভিন্ন তথ্য-প্ৰমাণো বহুতে প্ৰদৰ্শন কৰিছে । ২০১৭ত চীনৰ এক সংবাদ মাধ্যমত এটা ভিডিঅ’‌ ফুটেজ সম্প্ৰচাৰিত হৈছিল ।

উক্ত ভিডিঅ’ত দেখা গৈছে, উহানৰ জীৱাণু পৰীক্ষাগাৰত বিজ্ঞানী-কৰ্মচাৰীসকলে গ্লাভছ্ বা পিপিই কিট পৰিধান নকৰাকৈয়ে জীৱাণু সংক্ৰান্তীয় পৰীক্ষাত ব্যস্ত হৈ আছে । অথচ সেই কাৰ্য একেবাৰেই বিজ্ঞানসন্মত নহয় । এতিয়া বিজ্ঞানীজনৰ স্বীকাৰোক্তিৰ পাছত চৰ্চা হৈছে যে এনে গা এৰা মনোভাৱেৰে গৱেষণা কৰাৰ ফলতে কৰ’নাই ধ্বংসাত্মক ৰূপ ধাৰণ কৰিলে । বিজ্ঞানীজনে অৱশ্যে তেওঁ কৰ’নাত আক্ৰান্ত হৈছিল নে নাই, সেয়া সদৰী কৰা নাই ।

চীনে সততে দাবী কৰি আহিছিল যে কৰ’নাৰ উৎস উহান চহৰ নহয় । তৎসত্ত্বেও বিভিন্ন তথ্যত এই কথাই প্ৰকাশ পাই আহিছে । যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই কৰ’নাৰ উৎসৰ অনুসন্ধানৰ বাবে বিশেষজ্ঞৰ দল এটা চীনলৈ প্ৰেৰণ কৰিছে । প্ৰথম অৱস্থাত চীনে এই তদন্তত অনুমতি দিয়া নাছিল যদিও পাছলৈ সৈমান হয় ।

অনেক বাদানুবাদৰ পাছত বিশেষজ্ঞৰ দলটোৱে উহানৰ উক্ত পৰীক্ষাগাৰত প্ৰৱেশৰ অনুমতি লাভ কৰে । অৱশ্যে ১৫ জনীয়া দলটোৱে চীনলৈ ৰাওনা হোৱাৰ পূৰ্বেই দুজন সদস্য ক’ভিড-১৯ ত আক্ৰান্ত হয় । ফলত ১৩জন সদস্যইহে চীনত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ।

ইফালে, চীনত নতুনকৈ কৰ’নাৰ সংক্ৰমণ আৰম্ভ হৈছে । প্ৰায় আঠ মাহৰ পাছত চীনত কৰ’নাত আক্ৰান্ত এজনৰ মৃত্যুৰ তথ্যও পোৱা গৈছে । নতুনকৈ একাধিক প্ৰদেশত সংক্ৰমণ আৰম্ভ হোৱাৰ বাবে চীন চৰকাৰেও তৎপৰতা আৰম্ভ কৰিছে । এইবাৰৰ সংক্ৰমণৰ কাৰণ বিদেশৰ পৰা অহা মানুহ আৰু আমদানিকৃত সামগ্ৰী বুলিয়েই চীনে দাবী কৰিছে ।

Exit mobile version