অনলাইন শ্বপিঙত প্ৰতাৰিত হ’ল গোৱালপাৰাৰ যুৱক

Flipkart Logo

ফ্লিপকাৰ্ট কোম্পানীৰ পৰা অনলাইনত মোবাইল অৰ্ডাৰ দি গোৱালপাৰাৰ এগৰাকী যুৱক প্ৰতাৰিত হোৱা বুলি এক গুৰত্বৰ অভিযোগ উত্থাপিত হৈছে । সূত্ৰ অনুসৰি, গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত কাৰবলাৰ ইমদাদুল ইছলাম নামৰ যুৱকএগৰাকীয়ে ফ্লিপকাৰ্টৰ পৰা ৪৯,৯৯৯ টকীয়া ভিভ’ এক্স৫০ প্ৰ’ স্মাৰ্টফোন অৰ্থাৎ কৰে ।

অৰ্ডাৰ মতেই ডেলিভাৰী বয় এজনে পাৰ্ছেলটো ইমদাদুলক দিবলৈ আহে । ইপিনে ইমদাদুলেও নগদ ধন দি ফোনটো চমজি লয় । ৫০ হেজাৰ টকীয়া পাৰ্ছেলটো চাবলৈ কেইগৰাকীমান উৎসুক লোকে ভিৰ কৰে আৰু ডেলিভাৰী বয়গৰাকীৰ সন্মুখতে অন কেমেৰাত পাৰ্ছেলটো খোলে ।

কিন্তু পাৰ্ছেলটো খোলাৰ পাছত হতভম্ব হৈ পৰে ডেলিভাৰী বয়সহ উপস্থিত লোকসকল । কিয়নো ইমদাদুলে অৰ্ডাৰ কৰা ধৰণে ভিভ’ এক্স৫০ প্ৰ’ মোবাইলৰ বিপৰীতে পুৰণি আৰু ডিচপ্লে ভঙা মোবাইল এটাহে ওলায় । সেয়াও সাত হেজাৰ টকীয়া ।

লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ডেলিভাৰী বয়ক আদায় দিয়া ৫০ হেজাৰ টকাক লৈ টনা আজোৰা আৰম্ভ হয় । ফ্লিপকাৰ্ট নামৰ অনলাইন কোম্পানীটোৱে বাৰে বাৰে গ্ৰাহকক প্ৰতাৰণা কৰি আহিছে বুলি প্ৰায়ে অভিযোগ উত্থাপিত হৈ‌ আহিছে । সেয়ে অতি শীঘ্ৰে ফ্লিপকাৰ্ট কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

Exit mobile version