গব্বাৰ খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

India vs Australia 4th Test Day 4 Highlights AS IT HAPPENED

আজি গব্বাৰ খেলপথাৰত অজিংক্য ৰহানে ইতিহাস ৰচিলে । প্ৰথমবাৰ এই খেলপথাৰত জয়ী হ’ল ভাৰত । অষ্ট্ৰেলিয়াৰ ৩২৮ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি তিনি উইকেটত জয়ী হৈ বৰ্ডাৰ-গাওস্কাৰ ট্ৰফী দখল কৰিবলৈ সক্ষম হয় ভাৰতে । বিগত ছিৰিজত বিৰাট ক’হলিৰ নেতৃত্বত কৰা জয় লাভ যদিও ইতিহাস, তথাপি বিৰাট বিহীন ৰাহানেৰ এই জয় স্মৰণীয় হৈ ৰ’ব ।খেলখনত জয়ী হোৱাৰ স্বপ্ন দেখুওৱাইছিল তৰুণ অ’পেনাৰ শুভমন গিলে ।

চতেশ্বৰ পূজাৰাই আটাইতকৈ বেছি বল খেলি ৫০ ৰাণ কৰে, আনহাতে শুভমনে প্ৰথম চেঞ্চুৰি কৰে । ৰহানেৰ ২৪ টা বলত ২২ ইনিংছে বুজাই যে ড্ৰ জয়ী হৈয়ে আহিব বিচাৰিছিল তেওঁ ।ৰহানে, পূজাৰাই খেল আৰম্ভ কৰিলেও সমাপ্ত কৰিব নোৱাৰে । খেল সমাপ্ত কৰে পন্থে । ৮৯ ৰাণৰ অপৰাজিত ইনিংছ খেলি ভাৰতৰ জয় নিশ্চিত কৰে পন্থে ।এই জয়ৰ পাছত এক নতুন ভাৰতৰ জন্ম হ’ল ব্ৰিছবনৰ খেলপথাৰত । যিয়ে বিপক্ষৰ চকুত চকু থৈ শেষ বললৈকে খেলিব পাৰে ।

Exit mobile version