চিৰাঙত অগপৰ বাইক ৰেলী

Screenshot 183

চিৰাঙৰ বিজনী দহলাপাৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অগপ দলৰ বাইক ৰেলী । ৰেলীত অগপ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে । বাইক ৰেলীৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী গান্ধী ময়দানত অনুষ্ঠিত ঐক্য জাতীয় সমাৰোহ লৈ যাত্ৰা ।

আজি বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ পৰিষদৰ উদ্যোগত জাতীয় ঐক্য সমাৰোহত স্বতঃস্ফূৰ্তভাৱে প্ৰায় তিনি শহশ্ৰাধিক বাইক, বাছ আৰু অট’ৰিক্সাৰে কেন্দ্ৰীয় কমিটিৰ অগপৰ সভাপতি অতুল বৰা ও কেশৱ মহন্তক আদৰি লোৱা দেখা যায়।

অভয়াপুৰী গান্ধী ময়দানত হ’বলগীয়া অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকিব অতুল বৰা, কেশৱ মহন্ত, জিতু বৰগোহাঞি, মন্ত্ৰী ফনী ভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ লগতে অগপ দলৰ বহু জ্যেষ্ঠ নেতৃবৃন্দ ।

এক সাক্ষাৎকাৰত অতুল বৰাই কয় যে, অসমত নতুনকৈ যি আঞ্চলিক দলৰ আৰ্বিভাৱ হৈছে তাৰ দ্বাৰা আমাৰ কনো ধৰণৰ ক্ষতি নহয়। আমি কৃষকসকলৰ বাবে নানা ধৰণৰ আঁচনি ৰূপায়ন কৰিছো আৰু বহুতো নতুন আঁচনি প্ৰস্তুত কৰিছো । আগন্তক দিনত অসমত আমি কৃষি বিপ্লৱৰ সূচনা কৰিম বুলিও কয় মন্ত্ৰীজনে।

Exit mobile version