তিনিচুকীয়া জিলাৰ ছৈখােৱা বনাঞ্চলিক কায্যালয়ৰ অন্তৰ্গত পথাৰত প্ৰকৃতিৰ চৰ্দাৰ হিচাপে পৰিচিত অর্ধ শতাধিক দুষ্প্রাপ্য শগুন মৃত্যু হৈছে। তথ্য অনুসৰি মঙলবাৰে তালাপস্থিত ছৈখােৱা বনাঞ্চলিক কায্যালয়ৰ অন্তৰ্গত ডিব্ৰু-ছৈখােৱা উদ্যানৰ কাষৰ ধূলিজান গাৱঁৰ কামেশ্বৰ মৰাণৰ বাৰীত মৃত শগুন পৰি থকা বুলি জানিব পাৰি স্থানীয় সাংবাদিক,ন-ধূলিজান যুৱ মিলন সংঘৰ কৰ্মকত্তাই বন বিষয়া কার্যালয়ত কথাটো অৱগত কৰে।
তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় বন বিষয়া প্রদীপ শইকীয়া আৰু তিনিচুকীয়া গুইজানৰ ম’বাইল ভিটেনাৰী চাৰ্ভিচ ৱাইল্ড লাইফৰ ডঃ খনিন চাংমাই । যুৱ সংঘৰ কর্মকত্তাৰ সহযােগত মঙ্লবাৰে ২৩ টা মৃত শগুনৰ লগতে ১৩ টা অসুস্থ শগুন উদ্বাৰ কৰে।
চিকিৎসক ডঃ খনিন চাংমায়ে ১৩টা অসুস্থ শগুন উন্নত চিকিৎসাৰ বাবে লৈ যায়। আজি পুনৰ বন বিভাগৰ কৰ্মী আহি যুৱ মিলন সংঘৰ সহযােগত পুনৰ উদ্বাৰ কায্য চলােৱাত সাতটা মৃত আৰু চাৰিটা অসুস্থ শগুন উদ্বাৰ কৰে।আজিলৈকে ৩০ টা মৃত আৰু ১৭ টা অসুস্থ অৱস্থাত উদ্ধাৰ কৰা হয় ।
তাৰ ওপৰিও আৰু অধিক শগুন য’তে ত’তে পৰি মৰি আছে আৰু সেই শগুন বিচাৰি উলিয়াব পৰা নাই বুলিও আশংকা কৰা হৈছে৷ পথাৰত ছয়টাকৈ গৰু মৃত অৱস্থাত পােৱা যায় আৰু সেইকেইটা গৰু খাই শগুনৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে লগতে সেই গৰু কেইটা পােতাৰ ব্যৱস্থা কৰা হয়৷
দুটাহে শগুন,কুকুৰে ভক্ষণ কৰিছিল। মৰা গৰু খাই শগুন মৃত্যু হৈছে যদিও সেই কেইটা গৰুকেই খােৱা কুকুৰ এতিয়ালৈকে মৃত্যু হােৱা নাই বুলিও জানিব পৰা গৈছে। আজি উদ্বাৰ হােৱা চাৰিটা অসুস্থ শগুন উন্নত চিকিৎসাৰ বাবে লৈ যায় আৰু মৃত শগুন সমৃহ চিকিৎসক,বন বিষয়া,স্থানীয় ৰাইজৰ উপস্থিতিত শােকাকুল পৰিৱেশত পথাৰতে পুতি পেলােৱা হয়। শগুন আৰু গৰু কি কাৰণত মৃত্যু হৈছে সেই বিষয়ে ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।
পথাৰৰ পানী যি সমূহ গৰুৱে খাই তাৰ পানীও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। শগুন মৃত্যুৰ কাৰণ সন্দৰ্ভত জানিব বিচৰাত উপস্থিত চিকিৎসকে- ৰােগীয়া গৰুক দিয়া বেজীৰ বিষক্রিয়া নতুবা মৰা গৰুৰ গাত কোনােবা দুষ্ট লােকে বিহ ঢালি দিলে আৰু সেই গৰু ভক্ষণ কৰিও শগুন মৃত্যু হব পাৰে বুলি জানিব দিয়ে। পৰীক্ষাৰ পিছতহে সঠিক কাৰণ কব পৰা যাব বুলিও জানিভ দিয়ে । শগুন মৃত্যুৰ কাৰণ সন্দৰ্ভত খৰতকীয়া তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি বিহিবলৈ স্থানীয় লােকে সংশ্লিষ্ট বিভাগক দাবী জনাইছে।