বদৰুদ্দিন আজমলে অসমত নতুন নতুন ৰাজনৈতিক দল গঠনৰ বাবে ধনৰ যোগান ধৰেঃ অতুল বৰা
আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গান্ধী ময়দানত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হয় । আগন্তুক বিধানসভা নিৰ্ব্বাচনক টাৰ্গেট কৰি আজি দলটোৱে এইদৰে উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টি নিজৰ দখলত লোৱাৰ বাবে প্ৰচেষ্টা চলায় ।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই সমষ্টি দুটা কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ দখলত আছে । আজি এই জাতীয় সমাৰোহত দলৰ সভাপতি অতুল বৰাই নিজৰ ভাষণত কয় যে, এই দুখন সমষ্টি এইবাৰ অগপৰ দখলত আহিব সেয়া নিশ্চিত । কাৰণ অহাবাৰ অসমত অগপ-বিজেপি মিত্ৰজোটৰে চৰকাৰ হ’ব সেয়া নিশ্চিত হৈ পৰিছে । গতিকে অসমৰ ৰাইজে বুজি পাইছে বাবে উন্নয়ণৰ স্বাৰ্থত অগপক ভোটদান কৰি অগপৰ প্ৰাৰ্থীক বিজয় কৰাব । কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সকলোৱে গম পাইছে । কংগ্ৰেছে স্বাধীনতাৰ পাছৰ পৰাই দেশ শাসন কৰি আছিল আৰু কোনো উন্নয়ণ কৰিব নোৱাৰিলে । এ আই ইউ ডি এফ দলে ধৰ্মীয় মেৰুকৰণেৰে ৰাজনীতি কৰিছে। বদৰুদ্দিন আজমলে অসমত নতুন নতুন ৰাজনৈতিক দল গঠনৰ বাবে ধনৰ যোগান ধৰে বুলিও অভিযোগ কৰে।
মন্ত্ৰী কেশৱ মহন্তই কয় যে, অগপ দল নিজৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদৰ ক্ষেত্ৰত কোনো আপোচ নকৰাকৈ বিজেপিৰে মিত্ৰতা কৰিছে। গতিকে আটাইতকৈ ধৰ্ম নিৰপেক্ষ দল অগপ । ধৰ্মীয় সংখ্যালঘু লোকক সংকীৰ্ণ মনোভাৱ এৰি কংগ্ৰেছ-এআইইউডিএফৰ সংগ বাদ দি অসমীয়া মূললৈ আহি অগপক ভোটদানৰ আহ্বান জনায় নিজৰ ভাষণত।
সভাত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে, অভয়াপুৰীৰ দুয়োটা (উত্তৰ আৰু দক্ষিণ) সমষ্টি অইন দলৰ দখলত থকাৰ পাছতো আজি ৰাইজৰ সমাগমে প্ৰমাণ কৰিলে যে ইয়াত অগপৰ ভেটী শক্তিশালী হৈয়ে আছে। গতিকে আগন্তক দিনত পুনৰ অগপৰ দখলত অহাটো নিশ্চিত। মিছাতে এ আই ইউ ডি এফ আৰু কংগ্ৰেছক ভোট দি নিজৰ বহুমুলীয়া ভোট নষ্ট নকৰাৰ আহ্বান জনায়। সভাত কন্ঠ শিল্পি কল্পনা পাটোৱাৰীয়ে উন্নয়ণৰ স্বাৰ্থত অগপক ভোটদানৰ আহ্বান জনায়।
অসম গণ পৰিষদ দলৰ এই জাতীয় ঐক্য সমাৰোহ অনুষ্ঠানত প্ৰায় ২০ হেজাৰ লোকৰ লগতে অগপ দলৰ বহু কেইজন কেন্দ্ৰীয় নেতা উপস্থিত থাকে যদিও দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল মহন্ত উপস্থিত নাথাকিলে । সকলোৱে আশা কৰে বঙাইগাঁও জিলাৰ তিনিওখন বিধান সভা সমষ্টি এইবাৰ অগপৰ দখলত থাকিব বুলি।