প্ৰাক্তন ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ট্ৰাম্পৰ বিদায় ভাষণ

trump jan 2021 by getty

ড’নাল্ড ট্ৰাম্পে সপ্তাহজুৰি মৌন থকাৰ পাছত আমেৰিকাৰ নতুন প্ৰশাসনৰ সাফল্যৰ বাবে দেশবাসীৰ ওচৰত প্ৰাৰ্থনা জনায় । কালি এটা ভিডিঅ’বাৰ্তাত তেওঁ কয়, ‘চলিত সপ্তাহত আমি নতুন প্ৰশাসনৰ সূচনা কৰিম । আমেৰিকাক সুৰক্ষিত আৰু সমৃদ্ধ ৰাখিবলৈ সাফল্যৰ বাবে প্ৰাৰ্থনা কৰক ।’

আজি আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জ’ বাইডেনে । ইয়াৰ পূৰ্বে বিদায়ী ভাষণত ডেম’ক্ৰেট দলৰ ভাবী ৰাষ্ট্ৰপতিক উদ্দেশ্যি ৰিপাব্লিকান‌ দলৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, ‘আমি শুভকামনা জনাইছছো আৰু তেওঁলোকৰ সৌভাগ্য কামনা কৰিলো ।’ লগতে কয়, ‘এক দশকৰ ভিতৰত মইয়ে প্ৰথম ৰাষ্ট্ৰপতি তাৰ শাসনকালত নতুন যুদ্ধ আৰম্ভ নহয় ।’

নৱেম্বৰত ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত বাইডেনৰ স’তে পৰাজিত হ’লেও সেয়া স্বীকাৰ কৰিব নিবিচাৰে ট্ৰাম্পে ।

আমেৰিকাৰ প্ৰশাসনে জনায় যে, ট্ৰাম্পৰ বিদায়ী ভাষণৰ ভিডিঅ’ তেওঁলোকে পৰৱৰ্তী সময়ত প্ৰকাশ কৰিব । তেওঁৰ ভাষণৰ যি সাৰাংশ প্ৰকাশ্যত আহিছে তাত নিজৰ প্ৰশাসনৰ প্ৰশংসাও শুনিবলৈ পোৱা গৈছে । বিৰুধীসকলে দাবী জনায় যে, কৰ’না ভাইৰাছৰ দৰে অতিমাৰীক অৱজ্ঞা কৰাৰ ফলত ট্ৰাম্প প্ৰশাসনৰ আমোলত আমেৰিকাত কৰ’নাত আক্ৰান্ত হৈ চাৰি লক্ষ্যৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

ট্ৰাম্পে কয়, ‘আমি যি কৰিবৰ বাবে ক্ষমতাত আহিছিলো সেয়া কৰি দেখুওৱালো । বৰঞ্চ তাতোকৈ বেছিহে কৰিছো । কঠিন যুদ্ধৰ সন্মুখীন হৈছো । কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । কাৰণ, সেইবাবে আমাক নিৰ্বাচিত কৰা হৈছিল ।’

তেওঁ লগতে কয়, ‘নিজৰ পৰা তথা এই মহান দেশৰ আস্থা প্ৰতি হেৰুৱাটোৱে হ’ব আটাইতকৈ ভয়াবহ বিষয় ।’

Exit mobile version