মৰঙিত বাইক ৰেলিৰে শ্ৰমিক গৰ্জন কাৰ্যসূচী ৰূপায়িত

00d9ad34 0629 4d5f 9fba 3321177ee21c

চাহ শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত চাহ মজদূৰ সংঘৰ শ্ৰমিক গৰ্জন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ মৰঙি মৌজাত শতাধিক চাহ শ্ৰমিক ৰাইজে যুৱ নেতা নীলাকৰ তাছাৰ নেতৃত্বত বাইক ৰেলীৰে চাহ শ্ৰমিক ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লগতে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা, চাহ জনজাতিক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, চাহ জনগোষ্ঠীক স্বায়ত্ত্বশাসন পৰিষদ প্ৰদান কৰা আদিকে ধৰি ১১ টা দাবী উত্থাপন কৰে ৷ পুৱা ১০ বজাত মৰঙিৰ ৰঙাজান বাগিচাৰ পৰা আৰম্ভ হোৱা বাইক ৰেলী অভয়জান , নাহৰবাৰী , মুৰফুলনী , শ্যামৰাইপুৰ , কাঠনি, ধলাগুৰী, বকিয়াল, বগীধলা, দৈগ্ৰোং, লেটেকুজান আদি বাগিচাত পথ-সভাৰে পোৰাবঙলা খেল পথাৰত সামৰণি পৰে ৷

বাইক ৰেলীৰে চাহ শ্ৰমিক ৰাইজে ‘বিজেপি চৰকাৰ গ’ বেক’ , ‘সৰ্বানন্দ সোনোৱাল মিছলীয়া আদিৰ লগতে বিভিন্ন শ্লোগানেৰে ৰাজপথৰ আকাশ-বতাহ কঁপাই তোলে ৷ উল্লেখ্য যে অহা ২৮ জানুৱাৰীত সমগ্ৰ গোলঘাট জিলাৰ হাজাৰ হাজাৰ চাহ শ্ৰমিক একত্ৰিত হৈ গোলাঘাট সদৰত শ্ৰমিক গৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু ইয়াৰ পাছতো চৰকাৰে যদি দাবীৰ প্ৰতি গুৰুত্ব নিদিয়ে অহা আঠ ফেব্ৰুৱাৰীত সমগ্ৰ অসমৰ চাহ শ্ৰমিক ৰাইজ একত্ৰিত হৈ দিছপুৰ ঘেৰাও কাৰ্যসুচী গ্ৰহণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

Exit mobile version