প্ৰযুক্তিৰ কল্যাণত এতিয়া হাতৰ মুঠিতে সোমাই পৰিছে বিশ্বখন । কিনা-বেচাৰ পৰা আৰম্ভ কৰি পঢ়া-শুনালৈকে সকলোবোৰতে এতিয়া মানুহ এপ্ নিৰ্ভৰ হৈ পৰিছে । এইবাৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে অত্যন্ত উপকাৰী এপ্ এটা প্ৰস্তুত কৰি চমক দিলে মুম্বাইৰ এজন লোকে । কিশোৰ ফোগলা নামৰ লোকজনে প্ৰস্তুত কৰা এই এপৰ নাম দিয়া হৈছে ‘ভগৱানজী এপ্’ এই এপত এবাৰ ক্লিক কৰিলেই পোৱা যাব ধৰ্ম-কৰ্ম বা পূজা সংক্ৰান্তীয় সকলো খুঁটি-নাটি ।
কৰ’না কালত মানুহ দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ আছিল । সেই সময়ত মানুহৰ মাজত একেকোবে অনেক পৰিমাণে বৃদ্ধি পাই প্ৰযুক্তিৰ ব্যৱহাৰ । শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱেই অনলাইনতে বিভিন্ন কাম কৰাত আগ্ৰহী হৈ পৰিছিল । ঘৰৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজনো নাথাকে, অথচ সহজে কম সময়তে কাম সমাধা কৰিব পাৰি । এক কথাত ক’বলৈ গ’লে ক’ভিড-১৯ মহামাৰীয়ে প্ৰত্যেককেই ডিজিটেল নিৰ্ভৰ কৰি তুলিলে ।
ইয়াৰ সমান্তৰালকৈ এই মাৰাত্মক ভাইৰাছৰ ভয়ত বহুতেই তীৰ্থ যাত্ৰালৈ যাব নোৱাৰিলে সেই বিষয়টোৰ পৰাই ধৰ্ম, পূজা-পাৰ্বনৰ ওপৰত ভিত্তি কৰি এটা এপ্ তৈয়াৰ কৰাৰ কথা মনলৈ আহে ফোগলাৰ । ইয়াৰ ভিত্তিতে চলিত মাঘমেলাতেই এই অভিনৱ এপটোৱে আত্মপ্ৰকাশ কৰে । প্লে-ষ্টোৰত এপটো অহাৰ লগে লগেই জনপ্ৰিয় হৈ উঠিবলৈ আৰম্ভ কৰিছে ।
এই সন্দৰ্ভত ফোগলাই জনাইছে, ‘হিন্দু ধৰ্ম, পুৰাণৰ খুঁটি-নাটি নানা বিষয় ইয়াৰ পৰা জানি ল’ব পাৰিব ব্যৱহাৰকাৰীসকলে । কৰ্মাত বিশ্বাস কৰে ? তেনেহ’লে এই এপ্ আপোনাৰ বাবে আদৰ্শ । কোন পথেৰে আগবাঢ়িলে শুভ ফল পাব আৰু কমা কিদৰে জীৱনৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত, সেয়াও এই এপটোৱে আপোনাক বুজাই দিব । ইয়াৰ উপৰি পূজা, ব্ৰত প্ৰসংগ, ভোগ, গোৱা-সেৱা সম্পৰ্কীয় সকলো দৰকাৰী তথ্যই লাভ কৰিব পাৰিব ।’
কেৱল সেয়াই নহয় ইচ্ছা কৰিলে ব্যৱহাৰকাৰীয়ে পূজা দিয়া, ভোগ দিয়া আদি সকলো কাম কৰিব পাৰিব । ফোগলাই কয়, ‘ধৰি লওক মুম্বাইৰ কোনো মন্দিৰত পূজা দিব বিচাৰে বা ব্ৰাহ্মণক ভোজন কৰাব বিচাৰে, কিন্তু আপুনি নিজে উপস্থিত থাকিব নোৱাৰে । সেই ক্ষেত্ৰত অনলাইনত ‘বুক’ কৰিব পাৰিব । পূজা আৰু ভোজনৰ আয়োজন হৈ যাব ।’ ইয়াৰ উপৰি দেওঘৰ, বাৰানসী, প্ৰয়াগৰাজ, হৰিদ্বাৰ, অযোধ্যাৰ দৰে চহৰসমূহৰ ধৰ্মীয় গুৰুত্বও জানিব পাৰিব ভগৱানজী এপৰ মাধ্যমেৰে । জানি ল’ব পাৰিব কোনো চহৰৰ মন্দিৰত ঈশ্বৰ দৰ্শনৰ সময় আদি নানা বিষয় । ইচ্ছা হ’লে দৰ্শন বা পূজা দিয়াৰ বাবে ইয়াত ভিআইপি প্ৰৱেশ পত্ৰও পোৱা যাব ।