কাজিৰঙাত পাচলিত বিহ দি বন্যপ্ৰাণী হত্যাৰ অভিসন্ধি : দুজনী গৰুৰ মৃত্যু

WhatsApp Image 2021 01 21 at 12.53.21 PM

বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি স্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোনো দুস্কৃতিকাৰীয়ে বন্য জন্তু নিধনৰ উদ্দেশ্যে পাচলিত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা ঘটনা পোহৰলৈ অহাক কেন্দ্ৰ কৰি প্ৰকৃতিপ্ৰেমী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কোনো আচিনাক্ত দুৰ্বৃত্তই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বানাঞ্চলৰ দাঁতি-কাষৰীয়া পঞ্চম সংযোজন এলেকা হালধিবাৰী অঞ্চলৰ বন্যপ্ৰাণীৰ বিচৰণ এলেকাত ফুলকবি, কল আদিৰ দৰে খাদ্য সামগ্ৰীত কীটনাশক দ্ৰব্য সানি পেলাই দিয়ে। ইয়াৰ পাছত পাচলি খাই দুজনী গৰু মৃত্যুৰ মুখত পৰে।

ঘটনা সংক্ৰান্তত সন্দেহ উপজাত কাজিৰঙাৰ বন বিভাগৰ যোগেদি পেলাই থোৱা পাচলিৰ পৰীক্ষা চলোৱাত কীটনাশক দৰৱ মিহলোৱাটো প্ৰমাণিত হয়।

উল্লেখ্য যে উক্ত অঞ্চলত বাঘে পশুধন নিধন চলাই অহাৰ পুতক তুলিবলৈকে কোনো নিকৃষ্ট মানসিকতাৰ লোকে এই ঔষধ প্ৰয়োগ কৰি বন্য জন্তুৰ হত্যা কৰি সেই জন্তু বাঘক ভক্ষণ কৰিবলৈ দিলে বাঘৰো মৃত্যু হ’ব বুলি ভাবি দিয়া হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ইপিনে, ইতিমধ্যে সেই বিহযুক্ত পাচলি বন্যপ্ৰাণীয়েও সেৱন কৰাৰ আশংকা প্ৰকাশ কৰিছে বন বিভাগে। এই ক্ষেত্ৰত উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ উদ্দেশ্যে উদ্যান কৰ্তৃপক্ষই গোচৰ তৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে।

Exit mobile version