এইবাৰ জলশক্তিৰে প্ৰেৰণ কৰা হ’ব মহাকাশযান

iss038e046586 0

ইন্ধন বা গেছ নহয়, জল শক্তিৰে পথত এতিয়াও গাড়ী চলা প্ৰত্যক্ষ হোৱা নাই । কিন্তু এইবাৰ জলশক্তিৰে প্ৰেৰণ কৰা হ’ব মহাকাশযান ।

নতুন শতাব্দীৰ নতুন দশকত ভৰি থৈ যুগান্তকাৰী পৰীক্ষণ আৰম্ভ কৰিছে মানৱসভ্যতাই মহাকাশত । চলিত মাহৰ শেষৰ ফালে প্ৰায় ছয় দশক পূৰ্বৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ইন্ধনৰ পৰিৱৰ্তে পানী ব্যৱহাৰ কৰি মহাকাশযান প্ৰেৰণ কৰিব নাছাই ।

পাছাডেনাত নাছাৰ জেট প্ৰপ’লছন লেবৰেটৰী (জেপিএল)ৰ পৰা প্ৰাপ্ত সূত্ৰ অনুসৰি, মহাকাশযানত ইন্ধনৰ পৰিৱৰ্তে পানী ভৰাই ‘পথফাইণ্ডাৰ টেকন’লজি ডেমনষ্ট্ৰেটৰ’ (পিটিডি)  মিছনত এটাৰ পাছত আন এটা পৰীক্ষামূলক উৎক্ষেপণ আৰম্ভ কৰিছে নাছাই ।

জলশক্তিৰ সহায়ত প্ৰেৰণ কৰিবলগীয়া প্ৰথম মহাকাশযানটোৰ নাম ‘পিটিডি-১’ । ইয়াৰ আকাৰ এটা জোটাৰ বাকচৰ সমান । মহাকাশ প্ৰযুক্তিৰ পৰিভাষাত যাক কোৱা হয় ‘কিউবছেট’ । প্ৰাথমিকভাৱে ইয়াক ভূপৃষ্ঠৰ পৰা চাৰিশ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত প্ৰেৰণ কৰা হ’ব । পৰৱৰ্তী সময়ত মহাকাশযান পৰীক্ষামূলকভাৱে পৃথিৱীৰ পৰা আৰু দূৰৰ কক্ষপথত প্ৰেৰণ কৰা হ’ব ।

‘পিটিডি-১’এ নাছাৰ ‘ট্ৰান্সপ’ৰ্টাৰ-১’ মিছনত স্পেছ-এক্সৰ ফেলকন-৯ ৰকেটৰ সহায়ত  আগন্তুক সপ্তাহৰ ভিতৰতেই  ফ্ল’ৰিডাৰ কেপ কেনাভেৰাল এয়াৰফ’ৰ্চ ষ্টেচনৰ পৰা মহাকাশত অৱতৰণ কৰিব ।

অৱতৰণ কৰাৰ পথত বিদ্যুৎশক্তিৰ সহায়ত মহাকাশযানৰ পৰা পানী এৰি দিয়া হ’ব । ইয়াৰ ফলত মহাকাশতেই সৃষ্টি হ’ব দুই ধৰণৰ ইন্ধন হাইড্ৰ’জেন আৰু অক্সিজেনৰ ।

সম্প্ৰতি ইন্ধন হিচাপে মহাকাশযানত তৰল অক্সিজেন ভৰ্তি কৰি প্ৰেৰণ কৰা প্ৰথাই আৰম্ভ হৈছে । বৃহৎ মহাকাশযানবোৰ ছ’লাৰ পেনেলৰ সহায়ত প্ৰেৰণ কৰা হয় । মহাকাশত অৱতৰণ কৰাৰ সময়ত ছ’লাৰ পেনেলৰ দুটা ড’নাৰৰ ওপৰৰ পৰা সূৰ্যৰ পোহৰ পৰে । সেই সৌৰশক্তিৰ সহায়তেই মহাকাশযানে অতিক্ৰম কৰে ।

‘কিন্তু এতিয়া নতুন চিন্তাৰ সময়’, বুলি মন্তব্য কৰে জেপিএল-এ নাছাৰ শীৰ্ষ বৈজ্ঞানিক তথা ‘ইয়াৰোপা’ মিছনৰ অন্যতম বৈজ্ঞানিক গৌতম চট্টোপাধ্যায়ে ।

বৈজ্ঞানিক চট্টোপাধ্যায়ে কয় যে, বৃহৎ মহাকাশযান প্ৰেৰণ কৰাৰ বিপুল খৰচৰ বোজাই বহু সময়ত অভিযান বিলম্বিত কৰে । লগতে বৃহৎ মহাকাশযানে মহাকাশত ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুৰ ওপৰত নিখুঁতভাৱে দৃষ্টি ৰাখিব নোৱাৰে । সেয়ে বৃহৎ মহাকাশযানৰ পৰিৱৰ্তে সৰু মহাকাশযান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে নাছা আৰু ইউৰোপীয়ান স্পেছ এজেন্সি (ইএছএ বা এছা)ৰ দৰে বিভিন্ন মহাকাশ গৱেষণা সংস্থাই । সেইবোৰক কিউবছেট বুলি অভিহিত কৰা হৈছে ।

বৃহৎ মহাকাশযানবোৰত ছ’লাৰ পেনেল স্থাপন কৰিবৰ বাবে স্থান পোৱা যায় । কিন্তু জোটাৰ বাকচৰ আকাৰৰ কিউবছেটবোৰত ছ’লাৰ পেনেল স্থাপন কৰা সম্ভৱ নহয় । কিউবছেটবোৰত তৰল অক্সিজেন ইন্ধন হিচাপে ব্যৱহাৰ কৰিব হ’লে অভিযানৰ খৰচ বৃদ্ধি পায় । সেয়ে ইন্ধন হিচাপে মহাকাশযানত পানী ভৰাই প্ৰেৰণ কৰিলে যিকোনো অভিযানৰেই বিপুল খৰচৰ বোজা বহু পৰিমাণে হ্ৰাস পাব ।

Exit mobile version