কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন

318e8d06 6fcf 4b09 a066 e6d806dc11cf
বৰপেটা জিলা পথ সুৰক্ষা সমিতি আৰু পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু নৱজ্যোতি মহাবিদ্যালয়, কলগাছিয়া মটৰ শ্ৰমিক-মালিক সন্থাৰ সহযোগত আজি বৰপেটা জিলাৰ কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন কৰা হয়।
অনুষ্ঠানটোত বৰপেটা লোক সভা সমষ্টিৰ সংসদ আব্দুল খালেক, জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম, নৱজ্যোতি কলেজৰ অধ্যক্ষ ড০ ছাহজাহান আলী আহমেদে উপস্থিত থাকি পথ সুৰক্ষাৰ নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায় ।
অনুষ্ঠানটোত “পথ সুৰক্ষা জীৱন ৰক্ষা” নামৰ এটি বাটৰ নাট প্ৰদৰ্শন কৰি সজাগতা সৃষ্টি কৰে। বৰপেটাৰ পৰিহন বিষয়া হিমাংশু কুমাৰ দাসে তেওঁৰ বক্তব্যত পথ দুৰ্ঘটনাক মাৰাত্মক ব্যাধিৰ লগত তুলনা কৰি কয় যে, সমগ্ৰ বিশ্বত যোৱা এক বছৰত ১৫ লাখ মানুহে অকাল মৃত্যুক আকোৱালী ল’বলগীয়া হৈছে। তাৰে ১.৫ লাখ মানুহৰ মৃত্যু হৈছে। হেলমেটত মা-দেউতা, আল্লাহ-ভগৱানৰ আশীৰ্বাদ থাকে বুলিও কয় বিষয়া গৰাকীয়ে।
সেয়ে তেওঁ সকলোকে হেলমেট পিন্দি গাড়ী পিন্ধাৰ লগতে চিটবেল্ট পিন্ধিবলৈ আহ্বান জনায়। ছিট বেল্টে মানুহ এজনক সাৱটি ৰাখে। মদ্যপান কৰি গড়ী নচলাবলৈ কোৱাৰ উপৰিও গাড়ী চলাই থকা অৱস্থাত ম’বাইল ফোনত কথা পাতিবলৈ মানা কৰে বিষয়া গৰাকীয়ে। অনুষ্ঠানটোত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।
Exit mobile version