বগৰীৰ গুণাগুণ জানো আহক

Jujube

★বগৰী খালে মানসিক উদ্বেগ কমায়।

★বগৰীয়ে মগজু, স্নায়ু, শৰীৰ শীতল কৰে।

★বগৰীত ভিটামিন চি.ডি, ই পটাছিয়াম, মেগনেছিয়াম, জিংক, ফলেট ফাইবাৰ, এন্টিঅক্সিডেন্ট আদি বিভিন্ন উপাদানসমূহ পােৱা যায়।

★বগৰী উচ্চ ৰক্তচাপৰ বাবে অতি উপকাৰী।

★বগৰী খালে তেজৰ চলাচল নিয়মীয়াকৈ ৰাখে।

★হাড় মজবুত কৰে, বগৰীৰ সাহটোৱে ডাইবেটিছ ৰােগৰ বাবে হােৱা নিৰ্ভৰ দুর্বলতা দূৰ কৰিব পাৰে।

★বগৰীত থকা উপকাৰী উপাদানে শৰীৰত ৰােগ প্ৰতিৰােধ কৰিব পাৰে।

★ বগৰীয়ে বল, বীর্য বৃদ্ধি কৰে, দূষিত তেজ পৰিষ্কাৰ কৰে।

★শৰীৰ গৰম হলে বগৰী খালে শীতল হয়।

★বগৰীৰ কুমলীয়া পাত সৈন্ধৱ লােণৰ লগত ভাজি খালে স্বৰভঙ্গ ৰােগ নিৰাময় হয়।

★ শুকান বগৰীয়ে পিত্তৰ বাবে হােৱা প্রদাহ, ক্ষয় ৰােগ নিৰাময় কৰিব পাৰে।

★ বগৰী খালে কোষ্ঠকাঠিন্য দূৰ কৰে, বগৰীৰ চৰৱতে শৰীৰ সতেজ কৰে।

★ বগৰীৰ কুমলীয়া পাত পিহি চুলিত লগালে চুলি সুন্দৰ আৰু উজ্জ্বল মিহি হৈ পৰে।

★বগৰীৰ কুমলীয়া পাত, মধুৰী আমৰ কুমলীয়া পাত আৰু কাচকলৰ আঞ্জা কৰি খালেও ডায়েৰীয়া নিৰাময় হয়।

Exit mobile version