অসম-মেঘালয় সীমান্তৱৰ্তী বনভোজস্থলী আৰেডোঙা

WhatsApp Image 2021 01 27 at 1.40.37 PM

এক কথাত দক্ষিণ কামৰূপ হৈছে প্ৰাকৃতিক সৌন্দৰ্য্যৰ মিলন ভূমি। এই অঞ্চলৰ সেউজীয়া পৰিৱেশ নৈ, জান-জুৰিয়ে প্ৰকৃতি প্ৰেমীক সদায় হাত বাউল দি মাতে। কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী বকো হাহিমৰ সমীপত আৰেডোঙাৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ঠাইডোখৰ সম্প্ৰতি বনভোজস্থলীলৈ পৰিণত হৈছে ।

যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা আৰেডোঙাত নৱবৰ্ষৰ প্ৰাকমুহূৰ্তৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰীৰ শেষলৈকে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লোক অহা পৰিলক্ষিত হয়। পৰিয়াল, আত্মীয়স্বজন অথবা বন্ধু-বান্ধৱৰ সৈতে প্ৰকৃতিৰ ৰম্যভূমি আৰেডোঙাত বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ বুকুচাত কিছু সময় উম লয়হি।

২৬জানুৱাৰীৰ দিনাখনো কৰ্ম ব্যস্ততাৰ পৰা আজৰি পাই আৰেডোঙাত বহু কেইটা বনভোজকাৰী দল প্ৰকৃতিৰ ৰম্যভূমিত উপস্থিত হোৱা পৰিলক্ষিত হয় । বিশেষকৈ সেউজীয়া পৰিৱেশ, পাহাৰৰ পৰা বৈ অহা পানীয়ে কুলু-কুলু শব্দৰে শিলৰ ফাঁকে ফাঁকে বৈ থকা দৃশ্য আৰু উলমা দলঙে বনভোজকাৰীসকলৰ মন পুলকিত কৰি তুলে।

বকো ১৭নং ৰাষ্টীয় ঘাইপথৰ পৰা বকো হাহিম পথেৰে আৰেডোঙালৈ যাবলৈ সময় লাগে প্ৰায় ৪৫-৫০ মিনিট। পৰিতাপৰ বিষয়, যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা প্ৰকৃতিৰ দান আৰেডোঙা এতিয়া সুস্থ পৰিৱেশ আৰু স্বাস্থ্যৰ উপযোগী ঠাই হৈ থকা নাই । মূলত: ইয়াৰ কাৰণ বিশ্লেষন কৰি দেখা যায় যে, কদৰ্যময় পৰিৱেশ।

বনভোজকাৰী দলসমূহক প্ৰকৃতিয়ে প্ৰত্যেকজন ব্যক্তিক মন প্ৰাণ পুলকিত কৰি তোলে আনহাতে এইসকল ব্যক্তিয়ে আকৌ প্ৰকৃতিক কন্দুৱাই থৈ যায় । ভোজপাতৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ বটল, খাদ্য আদি আৱৰ্জনাসমূহ এৰি থৈ স্বাস্থ্যৰ হানিকাৰক তথা দূষিত বাতাবৰণৰ সৃষ্টি কৰিছে।

Exit mobile version