আইপিএল নিলামৰ দিন ধাৰ্য্য কৰা হ’ল

1 2020 07 17T120354.155 2 1

প্ৰত্যাশা মতেই আইপিএল নিলাম কাৰ্যসূচী অনুষ্ঠিত হ’ব ১৮ ফেব্ৰুৱাৰীত । চেন্নাইত অনুষ্ঠিত হ’ব নিলাম কাৰ্যসূচী । আজি আইপিএলৰ চৰকাৰী টুইটাৰ‌ হেণ্ডলৰ মাধ্যমে প্ৰকাশ কৰা হৈছে এই তথ্য । ভাৰত নে সংযুক্ত আৰৱত আইপিএল আয়োজিত হ’ব তাক লৈও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ভাৰতত টুৰ্নামেণ্ট অনুষ্ঠিত কৰিবলৈ আগ্ৰহী সৌৰভ গঙ্গোপাধ্যায় নেতৃত্বাধীন ব’ৰ্ড । চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফিৰ আগন্তুক ৩১ জানুৱাৰীত অন্ত পৰাৰ সম্ভাৱনা আছে ।

ব’ৰ্ডৰ সদস্যই সংবাদ মাধ্যমক জনায় যে, ‘এই টুৰ্নামেণ্ট ভাৰতত আয়োজন কৰিবৰ বাবে যোৰ দিয়া হৈছে । কিন্তু পৰিস্থিতি কেনেকুৱা থাকিব তাক লৈও আলোচনা কৰা হ’ব । এমিৰেটছ ক্ৰিকেট ব’ৰ্ডে ইতিমধ্যে টুৰ্নামেণ্ট আয়োজন কৰিবৰ বাবে আমাক আমন্ত্ৰণ জনাইছে ।

দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেট প্ৰেমীসকল খেলপথাৰত গৈ ক্ৰিকেটৰ আমেজ লোৱাৰ পৰা বিৰত হৈ আছিল । বিগত বৰ্ষৰ দৰে যাতে এইবাৰো টেলিভিছনতে ক্ৰিকেট চাবলগীয়া নহয় তাৰ বাবে যথেষ্ট চেষ্টা কৰিছে ব’ৰ্ডে । টেলিভিছনত খেল দৰ্শন কৰিয়ে দৰ্শকে ৰেকৰ্ড ভংগ কৰি দিছিল, সেয়ে অতিমাৰীৰ সময়তো টুৰ্নামেণ্ট আয়োজকসকল লাভান্বিত হৈছিল ।

Exit mobile version