এইবাৰ ইন্দিৰাৰ ভূমিকাত অভিনয় কৰিব কংগনাই

1027787 indira gandhi biopic

বলিউডৰ জনপ্রিয় অভিনেত্রী কংগনা ৰণৌটে এখন ছবিত ভাৰতৰ প্রথম মহিলা প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব। টুইটাৰত এই কথা প্রকাশ কৰি অভিনেত্রীগৰাকীয়ে জনােৱা মতে, তেওঁৰ নিজা প্রযােজনা সংস্থা মণিকর্ণিকা ফিল্মছৰ জৰিয়তে এইখন ছবিৰ নিৰ্মাণ কৰা হ’ব।

‘এই কথা ঘােষণা কৰি যথেষ্ট আনন্দ অনুভৱ কৰিছো যে মােৰ ঘনিষ্ঠ বন্ধু সাই কবিৰ আৰু মই এখন ৰাজনৈতিক ছবিত একেলগে কাম কৰিম। এই ছবিখন মণিকর্ণিকা ফিল্মছে প্রযােজনা কৰিব আৰু ছবিখনৰ চিত্রনাট্য,পৰিচালনা সাই কবিৰৰ।’

কংগনাই টুইটাৰত এইদৰে ঘােষণা কৰি ইন্দিৰা গান্ধীৰ স’তে জড়িত নিজৰ এখন ফটোও শ্বেয়াৰ কৰি পুনৰ কয়,’ এইখন এগৰাকী অনুকৰণীয় মহিলাৰ ফটোট। মই কেৰিয়াৰৰ আৰম্ভণিতে এই ফটোশ্বটত অংশ লৈছিলাে। সেই সময়ত মই জনা নাছিলাে যে এদিন এই নেত্ৰীগৰাকীৰ চৰিত্ৰত মই ছবিত অভিনয় কৰিম।’

Exit mobile version