শক্তিশালী ৰূপত উভতিব দেশৰ অর্থনীতি, ২০২১-২২ বিত্তীয় বৰ্ষত ১১ শতাংশ বৃদ্ধিৰ পূর্বাভাস

871134 sitharaman nirmala pti 092719

ক’ভিড পৰিস্থিতিৰ পাছত ভাৰতীয় অর্থনীতিয়ে শক্তিশালী ৰূপত থিয় দিব। ২০২১-২২ বিত্তীয় বৰ্ষৰ আর্থিক সমীক্ষা প্রতিবেদন শুকুৰবাৰে সংসদ অধিবেশনৰ প্রথম দিনা দাখিল কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে। সমীক্ষা অনুসৰি ক’ৰনাৰ মাধমাৰ চম্ভালি থিয় দিব অর্থনীতি।

আগন্তুক বিত্তীয় বৰ্ষত অর্থাৎ ২০২১-২২ত দেশৰ প্রকৃত মুঠ ঘৰুৱা উৎপাদন জি ডি পিৰ বৃদ্ধিৰ হাৰ ১১ শতাংশ হ’ব আৰু ই নতুন অভিলেখ গঢ়িব। এই প্রতিবেদন প্রস্তুত কৰিছে দেশৰ মুখ্য অর্থনীতি উপদেষ্টা কৃষ্ণমূর্তি ভেংকট সুব্রমণিয়মৰ নেতৃত্বৰ এটা দলে। ক’ভিড পৰিস্থিতিৰ বাবে ২০২০-২১ৰ বৰ্তমানৰ বিত্তীয় বৰ্ষত জি ডি পিৰ ৭.৭ শতাংশ সংকুচিত হ’ব। এই আশংকা প্রকাশ কৰা হৈছে প্রতিবেদন।

অহা ৩০ মার্চত অন্ত পৰিবলগীয়া বৰ্তমানৰ বিত্তীয় বৰ্ষৰ আনুমানিক ৭.৭ শতাংশ জি ডি পি সংকোচনৰ পূর্বাভাস দিছিল ৰিজাৰ্ভ বেংকৰ এক প্রতিবেদনেও। প্ৰাৰম্ভিকভাৱে ৰাজহুৱা ঘাটিৰ হাৰ জি ডি পিৰ ৩.৫ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে যদিও সেয়া বৃদ্ধি পাব পাৰে বুলি প্রতিবেদনত আশংকা প্রকাশ কৰা হৈছে। প্রতিবেদনত দাবী কৰা হৈছে যে কৃষি খণ্ডত সংস্কাৰ সংক্রান্তীয় তিনি কৃষি আইন ৰূপায়িত হলে ক্ষুদ্র আৰু মধ্যমীয়া শ্ৰেণীৰ কৃষকসকল উপকৃত হ’ব।

২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেট প্রস্তাৱত যি আর্থিক ঘাটিৰ পূর্বাভাস দিয়া হৈছিল সেয়া বৃদ্ধি পাব পাৰে। প্ৰসংগতে উল্লেখ্য যে যােৱা ফেব্ৰুৱাৰীত সীতাৰমণে বাজেট উত্থাপন কৰাৰ সময়ত দেশৰ অর্থনীতি কৰনাৰ দ্বাৰা আঘাতপ্রাপ্ত হােৱা নাছিল। ইপিনে, কৰনাৰ গণ টিকাকৰণ অভিযানৰ অন্ত পৰাৰ পাছত দেশৰ আর্থিক বৃদ্ধিৰ হাৰে পুনৰ গতি লাভ কৰিব বুলি প্রতিবেদনত আশা কৰা হৈছে। কৰনাৰ মাধমাৰত চাৰি দশক পাছত বিগত বৰ্ষত দেশৰ জি ডি পিৰ বৃদ্ধিৰ হাৰ শূন্যৰ তললৈ নামি গৈছিল।

দৰাচলতে তাৰ পূৰ্বৰ বিত্তীয় বৰ্ষৰ ২০১৯-২০ৰ পৰাই দেশৰ আর্থিক বৃদ্ধিৰ নিম্নগামী ৰূপ প্রকট হ’বলৈ ধৰে। ইয়াৰ পাছত কৰনাৰ বাবে বিশ্বজুৰি মাধমাৰৰ সন্মুখীন হােৱা অর্থনীতিৰ প্ৰভাৱত ইতিমধ্যে দুর্বল হ’বলৈ ধৰা ভাৰতৰ অর্থনীতি অধিক শােচনীয় হৈ পৰে। প্রতিবেদনত কোৱা হৈছে যে কৰনাৰ বাবে বিশ্বজুৰি আমদানি-ৰপ্তানি, কল-কাৰখানাৰ উৎপাদন ক্ষতিগ্রস্ত হৈছে। হােটেল, ৰেস্তোৰাঁ, ব্যৱসায়ে মুখ থেকেচা খাইছে। ভাৰততাে পৰিসেৱা আৰু উৎপাদন ক্ষেত্ৰত এই নেতিবাচক প্রভাৱ বুলি সমীক্ষাৰ প্রতিবেদনত কোৱা হৈছে।

Exit mobile version