স্বাধীনতা বিচাৰিলে যুদ্ধ নিশ্চিত,টাইৱানক ধমক চীনৰ

15911 taiwan teaser

স্বাধীনতা বিচাৰিলেই যুদ্ধ সম্মুখীন হ’ব লাগিব টাইৱান। এই বার্তা প্ৰেৰণ কৰিলে চীনে। বিগত এসপ্তাহ ধৰি টাইৱানৰ দক্ষিণ-পশ্চিম প্রান্তত চীনৰ বােমাৰু আৰু জেট বিমানে অহৰহ আকাশমার্গত ভুমুকি মাৰি আহিছে। ইয়াৰ পাছতে আমেৰিকাক এই বিষয়টো অৱগত কৰি বেইজিঙৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ টাইৱান চৰকাৰে আবেদন জনাইছিল।

আমেৰিকাৰ নৱ নির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনৰ প্রশাসনেও ইতিমধ্যে টাইৱান প্রসংগত চীনক সকীয়নি দিছে। আমেৰিকাৰ এই সকীয়নিৰ পাছত টাইৱানক ধমক দি চীনে স্পষ্টভাৱে কয় যে স্বাধীনতা বিচাৰিলে টাইৱানে যুদ্ধৰ সন্মুখীন হ’ব লাগিব। এক বিবৃতিত বেইজিঙে কয়, স্বাধীনতা মানে যুদ্ধ। নিজৰ ভূখণ্ডত বিদেশীৰ হস্তক্ষেপ কেতিয়াও গ্রহণ কৰা নহ’ব।

চীনৰ সেনা বাহিনীয়ে এই ধৰণৰ ঘটনাৰ উচিত উত্তৰ দিবলৈ সকলাে সময়তে সাজু আছে। টাইৱানৰ অবৈধভাৱে নির্বাচিত হােৱা চৰকাৰ আৰু উক্ত দ্বীপ ৰাষ্ট্ৰক স্বাধীন বুলি ঘােষণা কৰাৰ ফলত উক্ত অঞ্চলত অশান্তিৰ সৃষ্টি হৈছে। কিন্তু চীনৰ অবিচ্ছেদ্য অঞ্চল হিচাপে পৰিচিত উক্ত অঞ্চলক কেতিয়াও আনৰ হাতত তুলি দিয়া সম্ভৱ নহয়। চীনৰ এই সকীয়নিৰ প্ৰসংগত কঠোৰ উত্তৰ দিলে টাইৱানেও।

এক বিবৃতিত টাইৱানৰ প্রশাসনে কয়, এই সন্দৰ্ভত চীনে চিন্তা-চৰ্চা কৰি সিদ্ধান্ত লােৱা উচিত। চীনে যাতে দ্বীপ ৰাষ্ট্ৰখনৰ মানুহৰ আৱেগক দুর্বলতা বুলি নাভাবে। নিজৰ স্বাধীনতা আৰু সার্বভৌমত্ব। ৰক্ষাৰ বাবে যিকোনাে যুঁজত জঁপিয়াই পৰিবলৈ টাইৱানৰ নাগৰিক সদায় সাজু আছে।

Exit mobile version