ড্ৰাগছমুক্ত, প্ৰদূষণমুক্ত, সুন্দৰ গুৱাহাটী নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টাৰ আহ্বান

WhatsApp Image 2021 01 31 at 4.57.31 PM 2

আজি গুৱাহাটীৰ ৰাইজক সামাজিকভাৱে সজাগ কৰাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীৰ নেতৃত্বত প্ৰায় দুশ মটৰ চাইকেলৰ এটা সমদল বাহিৰ কৰা হয় ।

 

গুৱাহাটীৰ য’তে-ত’তে শৌচ-পেচাব নকৰিবলৈ আৰু থু-খেকাৰ পেলাই প্ৰদূষণ নকৰিবৰ বাবে এখন বাহনত উঠি ভৰালীয়ে গুৱাহাটীৰ সকলো অঞ্চলতে ঘূৰি মাইকযোগে আহ্বান জনায় । সমদলৰ আগভাগত ভৰালীয়ে উঠি যোৱা বাহনখনৰ পাছে পাছে প্ৰা‌য় দুশ মটৰ চাইকেলৰ সমদল হয় ।

আৰক্ষীৰ পৰা অনুমতি লৈ কৰা সমদলটো গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ কৰি মূল মূল পথেৰে গৈ লাচিত ঘাটত সমাপ্ত হয় ।

ড্ৰাগছৰ বিৰুদ্ধেও সজাগতা সৃষ্টি কৰি ভৰালীয়ে ড্ৰাগছ্ বেপাৰী আৰু ব্যৱহাৰকাৰী  সকলোকে সকিয়নী দিয়ে । গুৱাহাটীক ড্ৰাগছ্মুক্ত কৰাৰ বাবে ভৰালীয়ে সকলোকে আহ্বান জনায় । লগতে পঢ়া-শুনাৰ বাবে অহা ছাত্ৰ-ছাত্ৰী, চিকিৎসাৰ বাবে অহা সকল আৰু ব্যৱসায়ীসকলৰ বাবে গুৱাহাটীক নিৰাপদ চহৰ হিচাপে গঢ়ি তোলাত নাগৰিকৰ দায়িত্ব আছে বুলি ভৰালীয়ে উল্লেখ কৰে ।

Exit mobile version