বাগসাৰ অঞ্চলীত মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ ছাত্ৰ সন্থাৰ

WhatsApp Image 2021 02 01 at 5.01.39 PM

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমলৈ অহাৰ পূৰ্বে তেজপুৰত আৰক্ষীয়ে বৰ্বৰভাৱে আছু কৰ্মীক প্ৰহাৰ কৰাৰ পাছত পুনৰ ৰবিবাৰে শুৱালকুছিত “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই অহা আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে লাঠি চালনা কৰাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰা হয় ৷

সমান্তৰালভাৱে বাগসা জিলাৰ শালবাৰীৰ অঞ্চলীতো ছাত্র সংগঠনটিৰ সদস্যই মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি ছাত্র সংগঠনটোৰ সদস্যসকলে সদৌ অসম ছাত্র সন্থা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, সৰ্বা তুমি গাদি এৰা, সৰ্বানন্দৰ কাম নাই আমাক বুজাই লাভ নাই, বিজেপি চৰকাৰ গ’ বেক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

পাছত জালাহ আৰক্ষী উপস্থিত হৈ পুত্তলিকা দাহ কাৰ্যসূচীত বাধা আৰোপ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক অপূর্ব দাস, বাগসা জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য যদু দাসকে আদি কৰি কে’বাগৰাকী ছাত্র নেতাই ভাগ লয় ।

Exit mobile version