মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকসকললৈ সুখবৰ ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হ’ল চাইক্লিং ৷ মানাহলৈ অহা পৰ্যটকে আজিৰে পৰা চাইকেলেৰে ফুৰি উপভোগ কৰিব পাৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কিছুমান গুৰুত্বপূৰ্ণ ঠাই।
আজি বি টি আৰৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত মুকলি কৰা হয় চাইকেলেৰে মানাহৰ সীমান্ত ঠাইত ফুৰিব পৰাৰ এই ব্যৱস্থা ৷ চাইক্লিং মুকলি কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য ব্ৰহ্মই কয়, “মানাহলৈ নতুনত্ব অনাৰ বাবে আমি চৰকাৰীভাৱে কাম কৰি আগবাঢ়ি যাব খুজিছো । মানাহলৈ নতুনত্ব অনাৰ কাৰণ এটাই যে আমি যাতে পৃথিৱীৰ ভিতৰত, দেশৰ ভিতৰত মানাহক এক আকৰ্ষণীয় স্থল হিচাপে গঢ় দিব পাৰো । দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকক মনোৰঞ্জন দিবলৈ আমি আজিৰে পৰা চাইক্লিঙৰ ব্যৱস্থা কৰিছো । মানাহৰ উন্নয়নৰ বাবে এশ শতাংশ বেগত কাম কৰিবলৈ বিটিআৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷”
ভাষণ প্ৰসংগত ব্ৰহ্মই মানাহৰ লগত অস্থায়ীভাৱে জড়িতসকলক নিয়মীয়া কৰাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰা হৈছে বুলি উল্লেখ কৰে ৷ কাৰ্যসূচীত উপস্থিত থাকি মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মই কয়, “মানাহৰ সীমাৰ পাৰে পাৰে পকী পথ আৰু মানাহৰ সমীপৱৰ্তী গাঁওসমূহত ফুৰিব পৰাকৈ আজিৰেপৰা পৰ্যটকৰ বাবে চাইক্লিঙৰ ব্যৱস্থা কৰা হৈছে ৷ চাইকেল চলাই পৰ্যটকে বহুক্ষেত্ৰত আনন্দ উপভোগ কৰিব পাৰিব ৷”
কাৰ্যসূচীৰ মাজতেই বিটিচি চৰকাৰৰ পৰা মানাহলৈ আগবঢ়োৱা টেণ্ট হাউচৰ সামগ্ৰী ইক’ ডেভেলপমেণ্ট কমিটি, বহুকেইটা বেচৰকাৰী সংস্থা, ক্লাৱ আদিৰ মাজত বিতৰণ কৰা হয় ৷ অনুষ্ঠানত মানাহৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়ো, দেৱ দত্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷