কাইলৈ ৰাজ্যত নিযুক্তি দিব প্ৰায় ত্ৰিশ হেজাৰ শিক্ষকক। কিন্তু কিমান স্বচ্ছ এই নিযুক্তি প্ৰক্ৰিয়া। শিক্ষক নিযুক্তিত বিসংগতিৰ অভিযোগ । মৃত ব্যক্তিৰ নাম নিযুক্তি পত্ৰত। ধুবুৰীৰ গোলোকগঞ্জ শিক্ষা খণ্ডৰ ৩৩ খন বিদ্যালয়ৰ ২৭ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম নাই এই নিযুক্তিত। নাম বাদ পৰাত কেমেৰাৰ সন্মুখত কান্দোনত ভাঙি পৰিল এই সকল প্ৰধান শিক্ষক। এই সকল শিক্ষকৰ দাবী ধুবুৰী জিলাত নিযুক্তি প্ৰক্ৰিয়া ত বিসংগতি হৈছে। এই বিসংগতিপূৰ্ণ তালিকা বাতিল কৰি উচিত তদন্তৰ দাবী।
ADVERTISEMENT