নতুন কৃষি আইনৰ বিৰোধিতা কৰি থকা দলবোৰে ত্ৰুটি চিহ্নিত কৰিবলৈ ব্যৰ্থ হৈছেঃ কেন্দ্ৰীয় কৃষিমন্ত্ৰী

bqhq8sp narendra singh tomar rajya

কৃষকসকলে নতুন কৃষি আইনক লৈ প্ৰতিবাদ কৰি থকা আজি ৭২ দিন হ’ল । আজি সংসদত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰে কয়, তিনি কৃষি আইনৰ প্ৰতিবাদ কেৱল ‘এখন ৰাজ্যতে’ সীমাবদ্ধ আৰু কৃষকসকলক ‘উচতনি’ দিয়া হৈছে । মন্ত্ৰীগৰাকীয়ে ‘এখন ৰাজ্য’ আক্ৰমণাত্মক বক্তব্যৰে মূলতঃ কংগ্ৰেছ শাসিত ৰাজ্য পঞ্জাৱৰ কৃষকসকলৰ নেতৃত্বাধীন বিক্ষোভক বুজাইছে । এই মন্তব্যৰে তেওঁ নতুন তিনি কৃষি আইনক লৈ দেশজুৰি কৃষকসকল ক্ষুন্ন বুলি কোৱা বিৰোধী দলসকলৰ অভিযোগৰ বিৰোধিতা কৰে ।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত কয়, ‘সমগ্ৰ বিশ্বই জানে যে পানীৰ সহায়ত খেতি কৰা হয় । কেৱল কংগ্ৰেছেই ৰক্তৰ সহায়ত খেতি কৰিব পাৰে । কৃষক সংগঠন, বিৰোধী দলবোৰে নতুন কৃষি আইনৰ এটা ত্ৰুটি চিহ্নিত কৰিবলৈও ব্যৰ্থ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৃষকসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।’

মন্ত্ৰী ট’মৰে কেন্দ্ৰৰ অৱস্থিতি পুনৰ্বিবেচনা কৰি কয়, ‘আমি মৰ্যাদাৰ পক্ষত থিয় দিয়া নাই । আমি প্ৰশ্ন কৰিছো আইনটোত কি ত্ৰুটি আছে আৰু কোনো আগবাঢ়ি অহা নাই ।’

কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবোৰে যিয়ে কৃষকসকলৰ দাবী সমৰ্থন কৰিছে যে আইনটো বাতিল কৰা উচিত, তেওঁলোকে সংসদত চৰকাৰক প্ৰশ্নৰ বাণেৰে আক্ৰমণ কৰিছে ।

চৰকাৰক আক্ৰমণ কৰি বিৰোধী দলবোৰে কয় যে, কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকা স্থানবোৰত খণ্ড খনন কৰা হৈছে । কাঁটা তাঁৰ লগোৱা হৈছে আৰু স্পাইকো লগোৱা হৈছে । যিসময়ত তেওঁলোকক জয় কৰিবলৈ সেঁতু নিৰ্মাণ কৰা উচিত ।

মন্ত্ৰী ট’মৰে আজি জানিবলৈ দিয়ে যে, আত্মনিৰ্ভৰ ভাৰতৰ পেকেজৰ ওপৰত ভিত্তি কৰি এক লাখ কোটি টকাৰ এটা কৃষি আন্তঃগাথঁনি পুঁজি সৰবৰাহ কৰা হৈছে । লগতে প্ৰয়োজনীয় বিনিয়োগ কৃষিক্ষেত্ৰত পাইছে নে নাই সেয়া নিশ্চিত কৰিবৰ বাবেও কেন্দ্ৰই চেষ্টা চলাই আছে ।

কৃষকসকলে নতুন কৃষি আইনবোৰে তেওঁলোকক ন্যূনতম সমৰ্থিত মূল্যৰ পৰা বঞ্চিত কৰিব আৰু বৃহৎ ব্যৱসায়ীসকলক শোষণৰ বাবে উন্মুক্ত কৰিব বুলি সংশয় প্ৰকাশ কৰিছে । কৃষক আৰু চৰকাৰৰ মাজত ১১ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ গৈছে কিন্তু কোনো অগ্ৰগতি হোৱা নাই । কৃষকসকলে কেন্দ্ৰৰ চূড়ান্ত প্ৰস্তাৱ ১৮ মাহৰ বাবে কৃষি আইন প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্তক নাকচ কৰিছে ।

Exit mobile version