ছানী লিঅনিৰ বিৰুদ্ধে আৰ্থিক প্ৰতাৰণাৰ অভিযোগ

sunny leone shares beauty secrets s

ছানী লিঅনিয়ে দুটা অনুষ্ঠানৰ বাবে ২৯ লাখ টকা লৈও অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ অভিযোগ । এই অভিযোগ উত্থাপিত কৰিছে কেৰালাৰ নিবাসী আৰ ছিয়াচে । তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কোচি আৰক্ষী থানাত আৰ্থিক প্ৰতাৰণাৰ গোচৰ ৰুজু কৰে ।

সূত্ৰ অনুসৰি, কোচি আৰক্ষীয়ে শনিবাৰে চানী লিঅনিৰ বিবৃতি লিপিবদ্ধ কৰে । অৱশ্যে তেওঁৰ বিবৃতিৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই ।‌ কোচিৰ অপৰাধ দমন শাখাৰ সূত্ৰ মাৰফট খবৰ, ছানী লিঅনিয়ে তিৰুবন্তপুৰমত ‘স্প্লিটছভিলা’ ৰিয়েলিটি শ্ব’ৰ শ্বুটিং কৰিছিল । তাতেই অপৰাধ দমন শাখাৰ এটা দলে ছানীক লগ কৰিবলৈ যায় আৰু তেওঁৰ বিবৃতি ৰেকৰ্ড কৰে ।

আৰ ছিয়াচে প্ৰথমে ৰাজ্যিক আৰক্ষীৰ সাধাৰণ শাখাত অভিযোগ দাখিল কৰিছিল। তাৰ পাছত এই অভিযোগ অপৰাধ দমন শাখালৈ প্ৰেৰণ কৰা হয় । তেওঁৰ অভিযোগ পত্ৰত লিখে, ছানী লিঅনিয়ে ২৯ লাখ টকা লৈ ঘূৰাই দিয়া নাই । লগতে ছানীয়ে যাব বুলি কথা দিয়া দুটা অনুষ্ঠানতো তেওঁ উপস্থিত নহয় ।

Exit mobile version