তিব্বত-হংকং সন্দৰ্ভত চীনৰ ওপৰত চাপ

1

সদ্য আমেৰিকাৰ বৈদেশিক সচিবালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে এণ্ট’নি ব্লিংকেনে । যোৱা সপ্তাহত প্ৰায় ৩০ খন দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ স’তে ফোনযুগে কথাও পাতিছে । বিগত সময়ত চীনৰ বৈদেশিক মন্ত্ৰী ইয়াং ছিয়েছিকো ফোন কৰিছিল তেওঁ । ফোনতেই চীনৰ বিৰুদ্ধে উত্থাপন হোৱা মানৱ অধিকাৰ উলংঘনৰ অভিযোগক লৈ চীনৰ বৈদেশিক মন্ত্ৰণালয়ক সতৰ্ক কৰে ব্লিংকেনে ।

তিব্বতৰ পৰা আৰম্ভ কৰি ছিনজিয়াং প্ৰদেশত উইঘুৰ সম্প্ৰদায়ৰ উপৰত নিৰ্যাতন । সম্প্ৰতি হংকঙত জোৰ কৰি নতুন জাতীয় নিৰাপত্তা আইন প্ৰণয়ণ কৰি এজনৰ পাছত আনজন গণতন্ত্ৰকামী নেতাক গ্ৰেপ্তাৰ । বেইজিঙৰ বিৰুদ্ধে মানৱ অধিকাৰ লংঘনৰ অভিযোগ উত্থাপন হোৱা নতুন নহয় ।

ব্লিংকেনে কালি এই বিষয়তে সতৰ্ক কৰে ছিয়েছিক । ব্লিংকেনে কয় যে, তেওঁলোকে য’ৰ পৰাই মানৱ অধিকাৰ লংঘনৰ অভিযোগ লাভ কৰিব, মিত্ৰ দেশবোৰৰ স’তে একত্ৰিত হৈ তাৰ বিৰোধিতা কৰিব । তেওঁ লগতে কয়, ‘চীনক প’ষ্ট বাৰ্তা দিয়া হৈছে যে এইদৰে মানৱ অধিকাৰ লংঘনৰ অভিযোগৰ পৰা তেওঁলোক হাত সাৰিব নোৱাৰে ।’

লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ একচ্ছত্ৰ আধিপত্যক লৈও চীনা বৈদেশিক মন্ত্ৰণালয়ক সতৰ্ক কৰিছে ব্লিংকেনে । তেওঁ কয়, ‘ফোনত মই স্পষ্ট কৰি দিছো যে, আমেৰিকাই যিকোনো মূল্যতে নিজৰ দেশৰ নিৰাপত্তা ও সাৰ্বভৌমত্ব অটুট ৰাখিব । সেয়ে মানৱীক মূল্যবোধৰ ক্ষতি আমি মানি নল’ম ।’

চীনৰ বিৰুদ্ধে মাত মাতিছে হোৱাইট হাউচৰ নতুন প্ৰেছ সচিব জেন ছাকিয়েও । তেওঁ কয়, আমেৰিকাৰ স’তে চীনৰ কৌশলগত প্ৰতিযোগিতাটো আছেই, লগতে প্ৰযুক্তিগত প্ৰতিযোগিতাও আছে ।’ ছাকিৰ বক্তব্য, প্ৰযুক্তিগত ক্ষেত্ৰত আমেৰিকাৰ আধিপত্য এতিয়া চীনে আয়ত্ত কৰিব বিচাৰে । কিন্তু বাইডেন প্ৰশাসন এতিয়া বিজ্ঞান ও প্ৰযুক্তিগত ক্ষেত্ৰত আৰু বিনিয়োগ কৰিব বিচাৰে বুলি জনায় প্ৰেছ সচিবে ।

বাইডেন প্ৰশাসনৰ শীৰ্ষ কৰ্তাসকলে আৰম্ভণিৰ পৰাই চীনৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাৰ্তা দিলেও বিষয়টোক লৈ সমালোচনা আৰম্ভ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দলে । ৰিপাব্লিকান চেনেটৰ ট্ৰেড ক্ৰুজে সামাজিক মাধ্যমত এটা ভিডিঅ’‌ প্ৰেৰণ কৰিছে । তেওঁৰ মন্তব্য, ‘ভূকৌশলগতভাৱে আমেৰিকাৰ আটাইতকৈ বৃহৎ প্ৰতিপক্ষ চীন । কিন্তু বাইডেন প্ৰশাসনে চীনৰ প্ৰতি আৰম্ভণিৰ পৰাই কোমল মনোভাৱ দেখুৱাইছে ।’

Exit mobile version