স্বাস্থ্য ভালে ৰখাৰ কেইটামান উপায়

GLOBAL ELITE HEALTH PLAN

★ পৰ্যাপ্ত নিদ্ৰা: টোপনিৰ অভাৱৰ ফলত বহুতো স্বাস্থ্য সমস্যা হ’ব পাৰে যেনে – দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, ওজন বৃদ্ধি আৰু কেতিয়াবা ই মস্তিষ্কৰ স্বাস্থ্য প্ৰভাৱিত কৰে। সেয়েহে সুস্বাস্থ্যৰ বাবে আপুনি প্ৰতিদিনে প্ৰায় সাতৰ পৰা আঠ ঘণ্টা পৰ্যাপ্ত শুব লাগে।

★নিয়মীয়া শাৰীৰিক ব্যায়াম:নিয়মীয়া ব্যায়ামৰ অজস্ৰ স্বাস্থ্য লাভা লাভৰ বিষয়ে জনা স্বত্বেও, আমাৰ বহুতে অৱহেলা কৰি আহিছে । আপুনি যোগ, খোজ কঢ়া, জগিং, সাঁতোৰা বা ওজনৰ প্ৰশিক্ষণৰ দৰে কিছুমান শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। ব্যায়ামে আপোনাক দিনক দিনে উপযুক্ত আৰু স্বাস্থ্যৱান কৰিব পাৰে।

★ধ্যান :ধ্যান হৈছে এক স্বাস্থ্যকৰ অভ্যাস যাক আপুনি জীৱনশৈলীত লব পাৰে। ধ্যানে মানুহৰ শৰীৰ, মন আৰু আত্মাক আৰাম আৰু শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ই শৰীৰক শিথিল কৰি চাপৰ স্তৰ ব্যৱস্থিত কৰে।

★ৰাতিপুৱা পানী খোৱা কৰক:সদায় ৰাতিপুৱা দুই গিলাচ পানী খালে আপোনাৰ স্বাস্থ্যৰ বাবে আচৰিত ধৰণে প্রভাৱিত কৰিব পাৰে। পানীয়ে হজমত সহায় কৰিব পাৰে, ই আপোনাক অতিৰিক্ত ওজন বৰ্জন কৰাত সহায় কৰিব আৰু আপোনাক গোটেই দিনটোৰ বাবে শক্তিমান আৰু সক্ৰিয় অনুভৱ কৰাত সহায় কৰিব। সেয়েহে, চাহ বা কফি খোৱাৰ আগতে প্ৰতি ৰাতিপুৱা দুই গিলাচ পানী খোৱাটো নিশ্চিত কৰিব।

★কেতিয়াও ৰাতিপুৱাৰ আহাৰ বাদ নিদিব: ৰাতিপুৱাৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ বুলি কোৱা হয় সেয়েহে আপুনি কেতিয়াও নোখোৱাকৈ থাকিব নালাগে। এক সঠিক আৰু স্বাস্থ্যকৰ আহাৰে আপোনাক পূৰ্ণ, সক্ৰিয় কৰি ৰাখিব আৰু লগতে আপোনাৰ ক্ষুধাৰ লালসা প্ৰতিৰোধ কৰিব। কিন্তু নিশ্চিত কৰিব যে আপুনি ৰাতিপুৱা ফলমূল, কল, কণী, ৰুটি বা প্ৰ’টিন জাতীয় খাদ্য আদিৰ দৰে স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ হিচাপে গ্রহণ কৰক।

★পেকেজ কৰা খাদ্য নাখাব:পেকেজ কৰা খাদ্য সামগ্ৰীৰ খোৱাটো বন্ধ বা সীমিত কৰা গুৰুত্বপূৰ্ণ ৷ কিয়নো এই খাদ্যবোৰ ক্ষতিকাৰক লগতে শৰীৰক পুষ্টি প্ৰদান নকৰে । তদুপৰি, পেকেট কৰা খাদ্যৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

★ফাইবাৰ সমৃদ্ধ খাদ্য খাওক :আঁহযুক্ত আহাৰে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। ফাইবাৰ সমৃদ্ধ খাদ্যে মসৃণ হজম, ওজন হ্ৰাস, কর্মশক্তি আৰু ডায়বেটিচ নিয়ন্ত্রণ কৰিব পাৰে। সেয়েহে আপুনি সদায়ে আপোনাৰ আহাৰত সদায়ে সতেজ ফল আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগিব।

★চেনী বা মিঠাই খোৱা সীমাবদ্ধ কৰক : চেনী বা আন যিকোনো মিঠাই অত্যাধিক খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে আপুনি চেনী বা আন মিঠাই গ্ৰহণ কৰা পৰিহাৰ কৰিব লাগিব কিয়নো ই ওজন বৃদ্ধি কৰিব পাৰে আৰু ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। তাৰসলনি, আপুনি মৌ, গুৰ, নাৰিকল চেনী বা আসে আদিৰ দৰে কিছুমান স্বাস্থ্যকৰ খাদ্য বিকল্প হিচাপে গ্রহণ কৰিব পাৰে।


★শোৱাৰ আগমুহুর্তত শৰীৰ নমনীয় কৰিব: শুবলৈ যোৱাৰ আগতে, আপুনি সামান্য শাৰীৰিক ব্যায়াম কৰা উচিত যি আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে সহায়ক হ’ব। এই ব্যায়ামবোৰে পেশীবোৰ টান কৰাত সহায় কৰিব আৰু সেইবোৰ শক্তিশালী কৰাত সহায় কৰিব। এনে কৰিলে গাঁঠিৰ বিষ নোহোৱা হ’ব।

Exit mobile version