যােৱা বছৰৰ আগষ্টত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াৰ স’তে বলিউড অভিনেত্রী কংগনা ৰণৌট প্রত্যক্ষভাৱে জড়িত হৈছিল। ইয়াৰ পূর্বে অভিনেত্রীগৰাকীৰ হৈ ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফর্ম নিয়ন্ত্রণ কৰিছিল টীম কংগনা ৰণৌটে ।
টুইটাৰত নিজৰ একাউণ্ট আৰম্ভ কৰাৰ পাছৰে পৰা প্রায় প্রতিদিনে নানা বিতর্কিত মন্তব্যৰে এইগৰাকী বলিউড অভিনেত্রীয়ে সংবাদ শিৰােনাম দখল কৰি আহিছে। ৰাজনৈতিক, অর্থনৈতিক, চলচ্চিত্র, ক্রীড়া— সকলাে বিষয়তে কংগনা সদায়ে ছ’চিয়েল মিডিয়াত সৰব।
কিন্তু এইদৰে প্ৰতিটো বিষয়ত মাত মাতিবলৈ গৈ বহু সময়ত অভিনেত্রীগৰাকীয়ে অনাকাংক্ষিত বিতর্ক সৃষ্টি কৰিছে। অলপতে এজন ব্যক্তিয়ে টুইটাৰত কংগনাক কটাক্ষ কৰি কৈছিল, ‘কোনে প্রতিষেধক উদ্ভাৱন কৰি কংগনা ৰণৌটৰ পৰা আমাক ৰক্ষা কৰিব ?’ এই টুইটৰ প্ৰত্যুত্তৰ দি সংগীত শিল্পী সোণা মহাপাত্রই কয়, তু কৌন, মেই আইকন’।
“ तू कौन ? मैं icon ! “ 🌝😬🤣
( it’s early in the day yet, so I have my humour intact) https://t.co/5j1jlhX9cX— Sona Mohapatra (@sonamohapatra) February 6, 2021
লগতে সােণাই কয়, দিনটো এইমাত্র আৰম্ভ হৈছে, সেয়েহে আমাৰ বসবােধ সতেজ হৈ আছে৷ ৰাজস্থানৰ প্ৰাক্তন ডিজিপি হৰিশ চন্দ্রা মীনাই টুইট কৰি কংগনাক প্রশ্ন কৰিছিল যে কোন অধিকাৰত তেওঁ কৃষক আন্দোলনৰ সন্দৰ্ভত মন্তব্য প্রকাশ কৰি আহিছে। উত্তৰ দি আজি কংগনাই কয়, ‘মােক প্রশংসাপত্র… হা হা, মই নিজকে এজন অতি সাধাৰণ মানুহ বুলি বিশ্বাস কৰাে, কিন্তু ছ’চিয়েল মিডিয়াৰ মূখ লােকসমূহৰ মাজত নেতৃত্বদানৰ বাবে মই শ্রেষ্ঠ… সেয়েহে তােমালােকে ৰাণীৰ সন্মুখত শিৰনত কৰা।