গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ ম্যানমাৰৰ পথত ওলাই আহিছে হেজাৰ হেজাৰ চিকিৎসক-ইঞ্জিনিয়াৰ-শিক্ষক

800

ম্যানমাৰৰ গণতন্ত্ৰকামী ৰাইজৰ প্ৰতিবাদৰ আজি তৃতীয় দিন । ৰাজধানী নেপিদৰ ৰাজপথত হেজাৰ হেজাৰ লোক ওলাই আহিছে । ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ ৰক্ষা বিষয়ক পূৰ্বেই আহ্বান জনাইছিল, ‘ম্যানমাৰৰ সাধাৰণ লোকৰ শান্তিপূৰ্ণ প্ৰতিবাদীসকলক অধিকাৰৰ মৰ্যাদা দিবই লাগিব । সংযত থাকিব লাগিব সেনা-আৰক্ষীসকল । কোনো প্ৰকাৰে বল প্ৰয়োগ কৰিব নোৱাৰিব ।’ অভিযোগ উত্থাপন হৈছে যে, চৰকাৰে প্ৰৰোচনাৰে সেনাবাহিনীৰ সহায়ত ৰাজধানীৰ আন্দোলনকাৰীসলক পানী নিক্ষেপ কৰি আঁতৰোৱাৰ চেষ্টা কৰিছে ।

এনএলডি নেত্ৰী তথা ৰাজ্যিক পাৰিষদ অঙ্গ ছান ছ্যু কীসহ আটক নেতা-নেত্ৰীসকলৰ মুক্তি আৰু দেশত গণতন্ত্ৰ প্ৰতিস্থাৰ দাবী জনায় প্ৰতিবাদীসকলে । সেয়ে সকলো চহৰতে সাধাৰণ নাগৰিকে ধৰ্মঘট কৰা পৰিলক্ষিত হ’ল । এনএলডি কৰ্মী-সমৰ্থকৰ লগতে ৰাজধানীৰ ৰাজপথ আজি শ্ল’গান, প্লেকাৰ্ডেৰে মুখৰিত হ’ল চিকিৎসক, ইঞ্জিনিয়াৰ, শিক্ষকৰ বৃহৎ অংশৰে । জল নিক্ষেপৰ সন্মুখীন হোৱাৰ পূৰ্বে এজন চৰকাৰী চিকিৎসকে সমদলৰ পৰাই কয়, ‘দেশৰ স্বাৰ্থতে আমি আজি ধৰ্মঘট কৰিছো । দৰমহা কটা যাওক স্বত্ত্বেও আমি চৰকাৰী চিকিৎসক, শিক্ষকসকলে কামত নাযাওঁ ।’

দুদিন নেট বন্ধ থকাৰ পাছত, কালিৰ পৰা দেশৰ বহু ঠাইত ইণ্টাৰনেট পৰিসেৱা পুনৰ আৰম্ভ হৈছে । অনলাইনতযুগে ধৰ্মঘটৰ আহ্বান জনোৱা হৈছিল । সেয়ে, ছ’ উইনে তেওঁৰ ল’ৰা-ছোৱালী, ভতিজা-ভতিজিক লৈ য়াঙ্গুনৰ পথত ওলাই আহে । তেওঁ কয়, ‘আপোনালোকে চাওক, নৱ প্ৰজন্মইয়ো কিন্তু গণতন্ত্ৰৰ শত্ৰু সেনাৰ শাসন নিবিচাৰে ।’

গণতন্ত্ৰ প্ৰতিস্থাৰ দাবীত আজি বৌদ্ধ সন্ন্যাসীৰো এটা বৃহৎ অংশ পথত ওলাই আহে । ইয়াৰ ভিতৰত অনেকেই ২০০৭ৰ ‘গেৰুৱা বিপ্লৱ’ দেখিছে । সেইবাৰো সেনা শাসনৰ অপসাৰণ আৰু গণতন্ত্ৰৰ দাবীত শান্তিপূৰ্ণ দাবীত যোগ দিছিল বৌদ্ধ সন্ন্যাসীসকলে । ম্যানমাৰৰ গণতান্ত্ৰিক সংস্কাৰৰ গতি বৃদ্ধি কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ‘গেৰুৱা বিপ্লৱ’এ । ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই সেনা অভ্যুত্থানত গণতান্ত্ৰিক অধিকাৰ পুনৰ থমকি গৈছে । নিৰ্বাচিত চৰকাৰক আঁতৰাই দেশৰ অধিকাৰ দখল কৰিলে সেনাই ।

বিমানবন্দৰ, পথ অৱৰোধ কৰি এবছৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে সেনাই । এবছৰ পাছত তেওঁলোকেই ভোট গ্ৰহণ কাৰ্য অনুষ্ঠিত কৰিব বুলি জনায় সেনাই । সেনাৰ এই মনোভাৱৰ তীব্ৰ সমালোচনা কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে । ম্যানমাৰৰ নৱেম্বৰৰ ভোটত ছ্যু কীৰ দলে বিপুল সংখ্যাগৰিষ্ঠতাৰে ক্ষমতাত আহিছিল । কিন্তু সেনাই কাৰচুপিৰ অভিযোগ উত্থাপন কৰি দেশ দখল কৰিছে । প্ৰতিবাদ, বিক্ষোভ স্বত্ত্বেও ক্ষমতা ত্যাগ নকৰে সেনাই ।

ইয়াৰ মাজতেই সেনাই আন্দোলনকাৰীক বাধা প্ৰদান কৰিবৰ বাবে জল নিক্ষেপ কৰা পৰিলক্ষিত হ’ল সংবাদ মাধ্যমত । এজন আন্দোলনকাৰীৰ দাবী, সতৰ্কবাৰ্তা প্ৰেৰণ নকৰাকৈয়ে দুবাৰ জল নিক্ষেপ কৰে সেনা বাহিনীয়ে । কিছুসংখ্যক প্ৰতিবাদকাৰী আহত হয় । সেনাৰ অধীনস্থ চৰকাৰী টেলিভিছন চেনেলত আজি আন্দোলনকাৰীসকলক উদ্দেশ্যি এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰে সেনাই, ‘আন্দোলনৰ নামত আইন ভংগ কৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব প্ৰশাসনে ।’

Exit mobile version