আসন্ন টকিঅ’ অলিম্পিক্সৰ নিৰ্দেশিকা জাৰি কৰিলে জাপান চৰকাৰে

2020 04 16 tokyo statement thumbnail

কৰ’না ভাইৰাছক পৰাস্ত কৰি চলিত বৰ্ষৰ ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব টকিঅ’ অলিম্পিক্স । বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ‌পূৰ্বে স্বস্তিৰ নিশ্বাস পেলালে ক্ৰীড়াবিদসকলে । কাৰণ, আসন্ন অলিম্পিক্সত খেলিবলৈ নমাৰ পূৰ্বে কিম্বা প্ৰতিযোগিতা‌ চলাৰ সময়ত কোনো প্ৰতিযোগিয়ে আৰু নিভৃতবাসত থকাৰ প্ৰয়োজন নাই । কিন্তু প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰা অন্ত লৈকে সকলোৱে চাৰি দিনৰ অন্তৰত ক’ভিড পৰীক্ষণ কৰোৱা বাধ্যতামূলক । এই নিৰ্দেশিকা জাৰি কৰিলে জাপান চৰকাৰে ।

কালি জাপানৰ চৰকাৰে ৩৩ পৃষ্ঠাৰ এক নিয়মাৱলী প্ৰকাশ কৰে । নিয়মাৱলীত উল্লেখ কৰা হৈছে, ‘আসন্ন অলিম্পিক্সত অংশগ্ৰহণৰ বাবে নিভৃতবাসত থকাৰ প্ৰয়োজন নাই । কিন্তু জাপানত সোমোৱাৰ পূৰ্বে ক’ভিড পৰীক্ষণ কৰোৱা বাধ্যতামূলক । প্ৰত্যেক খেলুৱৈ আৰু অলিম্পিক্সৰ স’তে জড়িত সকলোৱেই চাৰি দিনৰ ব্যৱধানত ক’ভিড পৰীক্ষণ কৰিবই লাগিব । অলিম্পিক্সৰ স’তে জড়িত কোনো ব্যক্তিয়েই বাছ, ৰেল যাতায়াত কৰিব নোৱাৰিব । অলিম্পিক্স সমিতিৰ তৰফৰ পৰা দিয়া বাহন ব্যৱহাৰ কৰিব লাগিব ।

গেমছ ভিলেজৰ বাহিৰত যোৱাৰ লগতে খেলৰ অন্তত কৰমৰ্দনৰ বিষয়টো নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই সন্দৰ্ভত জাপানৰ এজন মুখপাত্ৰই কয়, ‘খেলুৱৈ ও প্ৰতিযোগিসকলৰ স’তে জড়িতসকলে সাধাৰণ লোকে ব্যৱহাৰ কৰা জীম, ভ্ৰমণ স্থান, বজাৰ, ৰেস্তোৰাঁত যাব নোৱাৰিব । ক্ৰীড়াবিদসকলৰ পৰা দুই মিটাৰ দূৰত্ব আৰু নিজৰ মাজত এক মিটাৰ দূৰত্ব মানি চলিব লাগিব । মেচ খেলা, অনুশীলন কৰা, খোৱা, শোৱা আৰু খেলা স্থানৰ বাহিৰে সকলো সময়তে মাস্ক পৰিধান কৰিব লাগিব ।’

Exit mobile version