কৰিণাৰ পিতৃ ৰণধীৰ কাপুৰে জনালে কৰিণাৰ দ্বিতীয় সন্তান অহাৰ তাৰিখ । ইয়াৰ পূৰ্বে চেইফ আলি খানে জনাইছিল যে ফেব্ৰুৱাৰীৰ আৰম্ভণিতে দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব অভিনেত্ৰী কৰিণা কাপুৰ খান ।
এইবাৰ পুনৰ নিৰ্দিষ্ট দিনটোৰ কথা জনালে ৰণধীৰ কাপুৰে । কৰিনাৰ দ্বিতীয় সন্তান ১৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিব বুলি কৰিণাৰ চিকিৎসকে জানিবলৈ দিয়ে।
এফালে পৰিয়ালৰ এজন নতুন সদস্যৰ আগমন, আনফালে পৰিয়ালৰ আন এজন সদস্যই পৃথিৱী এৰি গৈছে । মঙলবাৰে হৃদ ৰোগত আক্রান্ত হৈ ৰণধীৰ কাপুৰ আৰু ঋষি কাপুৰৰ সৰু ভাতৃ ৰাজীৱ কাপুৰৰ মৃত্যু হয়। এই সকলোবোৰৰ মাজত তাইমুৰৰ সৰু ভায়েক বা ভনীয়েকৰ বাবে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলি আছে ।
পূৰ্বৰ এক সাক্ষাৎকাৰত কৰিণাই কৈছিল যে তাইমুৰৰ সময়ত তেওঁ যি দুশ্চিন্তা অনুভৱ কৰিছিল এইবাৰ সেই চিন্তা তেওঁ কৰা নাই । বহুত শান্ত । অভিনেত্ৰীগৰাকীয়ে আনকি অতি শীঘ্ৰে প্ৰেগনেন্সি মেনুৱেল মুকলি কৰিব ।