ছাৰা আলি খান বলিউডৰ নতুন তাৰকাসকলৰ ভিতৰত এগৰাকী । ছেইফ আলী খান আৰু অমৃতা সিংৰ কন্যা ছাৰাৰ প্ৰথম ছবিখনৰ পৰা তেওঁ সকলোৰে মাজত চৰ্চিত।
ছাৰা ছ’চিয়েল মিডিয়াত বিশেষকৈ ইনষ্টাগ্ৰামত অতি সক্ৰিয়। ইনষ্টাগ্ৰামত তেওঁক বিভিন্ন প’ষ্ট কৰা দেখা যায়। কেতিয়াবা মাকে ভায়েকৰ স’তে বিদেশত ছুটিৰ বাবে যোৱা ছবি কেতিয়াবা আকৌ ছাৰাৰ ফটোশ্বুটৰ ছবি ।
ছাৰাৰ অভিনয়ৰ পৰা ষ্টাইলৰ লৈকে সকলোবোৰ আলোচনাৰ বিষয় হৈ পৰে। তেওঁক সদায় কিবা নতুন কৰা দেখা যায়। শেহতীয়াকৈ ছাৰায়ে ইনষ্টাগামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।
https://www.instagram.com/saraalikhan95/?utm_source=ig_embed
ভিডিঅ’টোত ছাৰাক চিকিৎসালয়ৰ বিচনাত শুই থকা দেখা যায়। তেওঁৰ কেৱল মুখখন উলিয়াই শৰীৰটো নীলা কাপোৰেৰে ঢাকি ৰখা হয় আৰু হাতত চেলাইন লগাই থোৱা হয়।
চাৰিওফালে ডাক্তৰে ছাৰাক আৱৰি চাই আছে ভিডিঅ’টোত । তেওঁ চিকিৎসক ওচৰত দাঁত উঘালিবলৈ যায়। ডঃ ৰাজেশ শেট্টীয়ে তেওঁ দাঁত উঘালিব বুলি ছাৰাই জানিবলৈ দিয়ে।
ছাৰাই কয়, ‘মোৰ দাঁত কম সময়ৰ ভিতৰতে আঁতৰ কৰোৱা হ’ব। তাৰ আগতে, মোৰ চিকিৎসকৰ পৰামৰ্শ লওক। এই ভিডিঅ’টো শ্বেয়াৰ কৰি ছাৰাই লিখিছিল, “নমস্কাৰ দৰ্শক, জ্ঞানী দাঁত বাই বাই’।
এই ভিডিঅ’টো দেখি বহুলোকে লিখিছিল, ‘ছাৰাই কোন দাঁতটো তুলিছে?’ তেওঁৰ অনুৰাগীসকলেও সুধিছিল যে তেওঁ বৰ্তমান কেনেকৈ আছে। এই ভিডিঅ’টো বহুলোকে চোৱাৰ লগতে শ্বেয়াৰো কৰিছে।