নলবাৰীত অগপৰ চমক

কংগ্ৰেছ-ইউডিএফে ভয়ংকৰ ইংগিত ৰচনা কৰিছেঃ অতুল বৰা

শাসক গোষ্ঠীৰ অন্যতম অংশীদাৰ তথা আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদ (অগপ)ক কেন্দ্ৰ কৰি বিগত প্ৰায় বছৰদিন ধৰি বিতৰ্ক চলি আহিছে যদিও ইয়াৰ মাজতে দলটোৱে আজি নলবাৰীত চমক সৃষ্টি কৰা পৰিলক্ষিত হৈছে । আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি দলটোৱে আজি ইয়াৰ পুৰণি শ্বহীদ স্মৃতি ক্ষেত্ৰত এখন কর্মী সভা অনুষ্ঠিত কৰে । সভাত পাঁচ সহস্ৰাধিক কর্মী-সমৰ্থকৰ উপস্থিতিয়ে জিলাখনৰ পূৰ্বৰ জাতীয়তাবাদৰ ভেঁটিৰ অক্ষত সবল স্থিতিৰ প্ৰতীয়মান কৰিলে। এই কথা মুকলিভাৱে স্বীকাৰ কৰিলে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।

অগপ সভাপতি অতুল বৰাই কয় যে, পূৰ্বৰ দৰে নলবাৰীৰ জাতীয়তাবাদৰ ভেঁটি আজিও অক্ষত আছে । আজিৰ সভাত হেজাৰ হেজাৰ লোকৰ অংশগ্ৰহণে পুনৰ এই কথা প্ৰমাণ কৰিলে । নলবাৰী অসম আন্দোলনৰ দুৰ্গ আছিল আৰু এই দুৰ্গত জাতীয়তাবাদৰ ভেঁটি আৰু অধিক শক্তিশালী কৰিবই লাগিব। এইক্ষেত্ৰত নলবাৰীৰ পৰা আমাৰ শিকিবলগীয়া আছে ।

আনহাতে, অগপ সভাপতিজনে আজিৰ এই সভাত কংগ্ৰেছ আৰু এআইইউডিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। দল দুটাৰ মিত্ৰতাই ভয়াবহ ইংগিত কঢ়িয়াই অনা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি বৰাই। তেওঁ নিজৰ ভাষণত কয়, ‘কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিতিৰালীয়ে ভয়াবহ ইংগিত ৰচনা কৰিছে । আজমলৰ আঁতৰত ঘূৰিছে কংগ্ৰেছ।’

আনহাতে, উক্ত দল দুটাৰ পৰা অসমৰ ৰাইজক সাৱধান হ’বৰ বাবে আহ্বান জনায় কয়, ‘এই দুয়োটা দলৰ প্ৰতি ৰাইজ সাৱধান হ’বৰ হ’ল । কংগ্ৰেছৰ অপ-শাসনৰ বাবেই এদিন অসমৰ ৰাইজে আন্দোলন কৰিবলগা হৈছিল। বহু যুৱকে জীৱন হেৰুৱাব লগা হৈছিল। সেই ইতিহাস পাহৰি অন্যপথে গতি কৰিলে নহ’ব। আমাক ইতিহাসে ক্ষমা নকৰিব। আমি গুৰুজনাৰ আদৰ্শৰে অসমৰ সকলো জাতি-জনগোষ্ঠী । সি লাগিলে যি ধৰ্মৰে নহওক সকলোৰে বাবে কাম কৰি এখন সমৃদ্ধিশালী‌ অসম গঢ়িব লাগিব।’

ইয়াৰ মাজতে অগপক পুনৰ শক্তিশালী কৰাৰ আহ্বান জনাই সভাপতি বৰাই কয় যে, আঞ্চলিকতাবদৰ শিপাডাল ৰাইজে ধৰি ৰাখি অগপক শক্তিশালী কৰিব লাগিব।

উল্লেখ্য যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা পৰিষদৰ উদ্যোগত আৰু নলবাৰী বিধান পৰিষদৰ সহযোগত আজি নলবাৰীৰ শ্বহীদ স্মৃতি ক্ষেত্ৰ উদ্যানত উক্ত কর্মী সন্মিলন অনুুুষ্ঠি কৰা হয়। সভা আৰম্ভণিৰ পূৰ্বে অগপৰ যুৱ নেতা তথা ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী দিলীপ কুমাৰ দাসৰ নেতৃত্বত দলীয় কৰ্মীসকলে অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আদিক বড় মছজিদ চকৰ পৰা শ্বহীদ স্মৃতি ক্ষেত্ৰলৈ আদৰি আনে।

এই সভাত দলৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, খাদ্যমন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক সত্যব্ৰত কলিতা, দলৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, সম্পাদক ভূপেন ৰায়, উপ সভাপতি দিলীপ পাটগিৰি, অগপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দিলীপ কুমাৰ দাস, জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু, ভোজপুৰী কুইন খ্যাত শিল্পী কল্পনা পাটোৱাৰীকে ধৰি কে’বাজনো দলীয় নেতা উপস্থিত থাকে।

প্ৰাৰ্থীৰ ক্ষেত্ৰত দলীয় মজিয়াত আলোচনা হ’ব । সমষ্টি নিৰ্বাচন আৰু প্ৰাৰ্থীত্ব প্ৰদান সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি অগপ সভাপতি বৰাই সংবাদ মাধ্যমক সদৰী কৰে। তেঁও কয়, ‘যিবোৰ সমষ্টিত আমাৰ প্ৰভাৱ অধিক সেইবোৰ সমষ্টি আমি বিচাৰিম নিশ্চয়। অৱশ্যে সেই ক্ষেত্ৰত আমি যিহেতু বিজেপিৰ লগত মিত্ৰতাত আছো গতিকে সেই ক্ষেত্ৰত আমি উভয় পক্ষৰ মতামত নিৰ্ভৰ কৰিম।’

লক্ষ্যণীয় যে নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টি আৰু নৱগঠিত বজালী জিলাৰ পাটাছাৰকুছি সমষ্টি আঞ্চলিকতাবাদী ৰাজনীতিৰ দুৰ্গ বুলি খ্যাত। পাটাছাৰকুছি এই পৰ্যন্ত আঞ্চলিকতাবাদী ৰাজনীতিৰ দখলত থকাৰ বিপৰীতে বিজেপিৰে মিত্ৰতাৰ বাবে নলবাৰী সমষ্টি অগপই হেৰুৱাব লগা হৈছে ।

আনহাতে, এই সমষ্টিটোত এইবাৰ অগপক প্ৰাৰ্থীত্ব দিয়াৰ দাবী প্ৰকাশ হৈ আছে। অৱশ্যে এইক্ষেত্ৰত বিজেপি-অগপ মিত্ৰজোঁতে কি ভূমিকা লয় সেয়া লক্ষণীয় হ’ব।

Exit mobile version