যি ব্যক্তিয়ে দৈনিক ছয় ঘণ্টাতকৈ কম শুৱে তেওঁলােকৰ ডায়েবেটিচ, মেদবহুলতা, স্ট্রোক আদি সমস্যা হােৱাৰ সম্ভাৱনা বাঢ়ি যায়। বিভিন্ন গৱেষণাৰ পােৱা তথ্য অনুসৰি যিসকলে টোপনি খটি কৰে তেওঁলােকৰ শৰীৰত এবিধ বিশেষ প্ৰকাৰৰ হৰম’ন ঘ্রেলিন( ghrelin)ৰ উৎপাদন বৃদ্ধি হয় আৰু আন এবিধ হৰম’ন লেপটিনৰ (leptin) উৎপাদন হ্রাস হয়। লেপটিনে আমাৰ মগজুক ভােক নাই বুলি সংকেত পঠিয়ায়, তেতিয়া আমাৰ খাবলৈ মন নাযায়।
আনহাতে ঘ্রেলিনে আমাৰ মগজুলৈ ভােক লগাৰ সংকেত পঠিয়ায় । সেয়েহে টোপনি খটি কৰা মানুহৰ ভােক বৃদ্ধি হয় আৰু চর্বি জাতীয় খাদ্যৰ প্রতি আসক্তি বাঢ়ি যায় যাৰ ফলস্বৰূপে মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি হব পাৰে। টোপনি ক্ষতি কৰিলে শৰীৰৰ বিভিন্ন জৈৱিক ক্রিয়া বা বায়’লজিকেল প্রচেছ যেনে শৰ্কৰাৰ বিপাক, ৰক্তচাপ আদিত বিৰূপ প্ৰভাৱ পৰে যাৰ বাবে ডায়েবেটিচ, উচ্চ ৰক্তচাপ হােৱাৰ সম্ভাৱনা বৃদ্ধি হয়।
ৰাতি শুই থাকোতে আমাৰ ব্রেইন বা মগজুৱে কিছুমান অলাগতিয়াল বর্জ্য পদার্থ নিষ্কাশন কৰে যিটো আমাৰ মানসিক সুস্বাস্থ্যৰ বাবে অতি প্রয়ােজনীয় । দৈনিক ছয় ঘণ্টাতকৈ কম শুলে লাহে লাহে মগজুত বিতা এমাইলয়ড (beta amyloid) নামৰ এবিধ বিশেষ প্ৰটিনৰ বৃদ্ধি হয় যি এলজেইমাৰ (Alzheimer’s disease) নামৰ ৰােগ সৃষ্টিত অৰিহণা যােগায়। কম শােৱা ব্যক্তিৰ জীৱনৰ শেষৰ সময়ছােৱাত স্মৃতিশক্তি কমি যােৱাৰ সম্ভাৱনা বেছি হয়। সেয়েহে আমাক দৈনিক পর্যাপ্ত পৰিমাণৰ টোপনিৰ প্রয়ােজন।
টোপনি ক্ষতি কৰিলে আমাৰ শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতাও কমি যায় কাৰণ ইয়াৰ বাবে প্ৰয়ােজনীয় এন্টিব’ডী গঠন হােৱাত বাধাৰ সৃষ্টি হয়। সেয়েহে টোপনি ক্ষতি কৰা লােক সঘনে চর্দি, কাহ, এলার্জিজনীত ৰােগত ভুগি থাকে ৷ গৱেষণাৰ পৰা দেখা গৈছে যে টোপনি ক্ষতি কৰা ব্যক্তিৰ শৰীৰত বগা তেজৰ কণিকাৰ (WBC) পৰিমাণ অথবা কেনচাৰ প্ৰতিৰােধী কোষ বা নেচাৰেল কিলাৰ চেলৰ হ্রাস হয় যাৰ বাবে প্ৰষ্টেট কেনচাৰ, ব্রেষ্ট কেনচাৰ আদি হােৱাৰ সম্ভাৱনা বৃদ্ধি হয়।
টোপনি ক্ষতি কৰা ব্যক্তিৰ খােৱা বােৱা অনিয়মীয়া হােৱাৰ বাবে গেছ, বদহজম বা অন্য পেটৰ সমস্যা হােৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ৰাতিৰ আহাৰত মাছ মাংসৰ দৰে গুৰুপাকী খাদ্য খাই টোপনি ক্ষতি কৰিলে সেই আহাৰ হজম হােৱাত সমস্যাৰ সৃষ্টি হয় যাৰ বাবে পেটৰ নানা ৰােগ হ’ব পাৰে।
বহু দিন ধৰি টোপনি ক্ষতি কৰিলে শৰীৰত কর্টিজল (cortisol) নামৰ হৰম’ন বিধৰ বুৰণ বৃদ্ধি হয় যাৰ বৃদ্ধি ডায়েবেটিচ, মেদবহুলতা, উচ্চ ৰক্তচাপ আদিৰ কাৰণ হ’ব পাৰে। ৰাতি মেলাটনিন নামৰ হৰমন সক্রিয় হােৱাৰ বাবে আমাৰ টোপনি আহে। কিন্তু টোপনি ক্ষতি কৰিলে এই হৰমনৰ কাৰ্যত ব্যাঘাত হয়। যিসকল ব্যক্তি ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদি সমস্যাত ভুগি আছে তেওঁলােক বিশেষভাৱে এইক্ষেত্ৰত সাৱধান হােৱা উচিত। কর্টিজল হৰম’ন বৃদ্ধিৰ বাবে ষ্ট্ৰেছত ভােগাৰ সম্ভাৱনাও বৃদ্ধি হয় ৷ ষ্ট্ৰেছ আৰু কর্টিজল হৰমন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলিও ক’ব পাৰি।
বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে টোপনি ক্ষতি কৰিলে থাইৰয়ড হৰমনৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে যাৰ ফলত হাইপ’থাইৰয়ডিজমৰ (hypothyroidism) দৰে সমস্যাৰ বৃদ্ধি পাইছে। টোপনি ক্ষতি কৰিলে বয়সৰ চাপ সােনকালে পৰে, ছালৰ উজ্জ্বলতা হেৰাই যায়, চকুৰ গুৰি ক’লা পৰে, শালমনৰ সমস্যা আৰু আন বহুতাে সমস্যা বৃদ্ধি হয়। পর্যাপ্ত পৰিমাণে টোপনি নহ’লে চুলি সৰা সমস্যাও বৃদ্ধি হয়।
দিন ৰাতি এই চক্ৰটো বিশ্বব্রহ্মাণ্ডৰ এটা চিৰন্তন নিয়ম। ৰাতি হ’লে সকলাে প্ৰাণীয়ে বিশ্রাম লয়। একমাত্র নিশাচৰ প্ৰাণী বাদুলি, ফেঁচা আদিয়েহে চিকাৰৰ বাবে ৰাতি ভ্রমণ কৰে । প্ৰকৃতিৰ কোনাে জীৱই এই নিয়ম ভংগ নকৰে। একমাত্র জীৱশ্রেষ্ঠ মানুহেহে প্ৰকৃতিৰ নিয়মসমূহ ভংগ কৰিছে। সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়ােজন ৷ যেতিয়াই এই নিয়ম ভংগ কৰি দিনক ৰাতি কৰা হয় আৰু ৰাতিক দিন কৰা হয় তেন্তে আমাৰ শৰীৰত তাৰ বিৰূপ প্ৰভাৱ পৰিবই।
বর্তমান সময়ৰ যুৱপ্ৰজন্ম প্রবল মানসিক চাপ, ডিপ্ৰেছন আদিত ভােগাত ইন্ধন যােগাইছে এই টোপনি ক্ষতি নামৰ তথাকথিত ব্যাধিটোৱে। সেয়েহে আমি যিমান পাৰাে প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে নােযােৱাটো বাঞ্ছনীয়। ৰাতি ভালকৈ শােৱক আৰু স্বাস্থ্যবান হৈ থাকক।