ধুবুৰী অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰীত বিজেপি-অগপৰ মাজত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত

BJP symbol

ধুবুৰীত বিজেপি মিত্ৰজোঁটত ফাট। অগপ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি । ধুবুৰী জিলা অগপ কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলা বিজেপিৰ সভাপতি দেৱময় সান্যালৰ প্ৰতিমূৰ্তি দাহ কৰে অগপ কৰ্মীয়ে।

বৃহস্পতিবাৰে সামাজিক মাধ্যমত এক সাক্ষাৎকাৰত ডঃ দেৱময় সান্যালে কয়, ‘অগপৰ পতাকা বিদ্যুতৰ খুটাতে সীমাবদ্ধ, ধুবুৰীত অগপৰ কোনো সংগঠন নাই ।’

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ জিলা সভাপতি দেৱময় সান্যালক টিকট প্ৰদান কৰিলে ধুবুৰী অগপ তীব্ৰতাৰে বিৰোধিতা কৰিব বুলি মন্তব্য কৰে অগপ কৰ্মীয়ে। পূৰ্বেও বিজেপিয়ে তিনিটা বিধানসভা নিৰ্বাচনত টিকট প্ৰদান কৰিছিল ডঃ দেৱময় সান্যালক ।

উল্লেখ্য যে তিনিওবাৰ পৰাজয়বৰণ কৰিছিল সান্যালে । এক কথাত ধুবুৰীত বিজেপি মিত্ৰজোঁটত এলাগী সভাপতিগৰাকী ।

ইপিনে বিজেপি মিত্ৰজোঁটে ডঃ দেৱময় সান্যালক বাদ দি যিকোনো এজন প্ৰাৰ্থীক টিকট প্ৰদান কৰিলে অগপ কৰ্মীয়ে সমৰ্থন কৰিব বুলি মন্তব্য কৰে অগপই।

ধুবুৰীক এনেদৰে বিজেপি-অগপৰ সংঘাতে পুনৰবাৰ ধুবুৰী বিধানসভা সমষ্টিত বিজেপি পৰাজয় হোৱাটো একপ্ৰকাৰ নিশ্চিত। ডঃ দেৱময় সান্যালক টিকট নিদিবলৈ আহ্বান ৰাজ্যিক বিজেপিক ধুবুৰী অগপ কৰ্মীৰ।

এতিয়া ৰাজ্যিক বিজেপিয়ে টিকট প্ৰদানৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰাৰ্থী বাচনি কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Exit mobile version