পুষ্টিকাৰক ৰঙালাও গুটিৰ উপকাৰী গুণসমূহ

roasted pumpkin seeds 2

★ৰঙালাও গুটিত বিভিন্ন প্ৰকাৰৰ ভিটামিন বি কম্প্লেক্স , জিংক , এন্টিঅক্সিডেন্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

★বৰ্ষা ঋতুৰ সময়ত হোৱা বিভিন্ন সংক্ৰামক ৰোগৰ পৰা শৰীৰক বচাই ৰখাত সহায় কৰে ৰঙালাওৰ গুটিয়ে। সেয়েহে এই সময়ত ৰঙালাও গুটিৰ বিভিন্ন ব্যঞ্জন খাব লাগে।

★ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, জিংক, এন্টিঅক্সিডেন্ট, আৱশ্যকীয় ফেটি এচিড থকা বাবে হাৰ্টৰ বাবে উপকাৰী ।

★মেগনেছিয়াম থকা বাবে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰে, হাৰ্ট এতেক, স্ট্রোকৰ সম্ভাৱনা দূৰ কৰি হাৰ্টৰ সুস্থ আৰু সৱল কৰি ৰাখে।

★ডায়েবেটিচ ৰোগতো ৰঙালাও গুটি উপকাৰী। ইয়াত থকা কিছুমান বিশেষ জিংকে তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★পুৰুষৰ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ সমস্যাত ৰঙালাও গুটি উপকাৰী। ইয়াত থকা জিংক প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কাৰ্যক্ষমতা অটুট ৰাখে।

★ ৰঙালাও গুটিত থকা এ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কেঞ্চাৰ হোৱাতো বাধা দিয়ে।

★ ইয়াত থকা অমেগা তিনি আৰু অমেগা ছয় ফেটি এচিড আৰু প্ৰাকৃতিক উপাদান ফাইট’ইস্ত্ৰজেনে শৰীৰৰ বাবে উপকাৰী কলেষ্টেৰল HDL ৰ পৰিমাণ বৃদ্ধি কৰে আৰু অপকাৰী কলেষ্টৰেল LDL ৰ পৰিমাণ হ্ৰাস কৰে, গাঁঠিৰ বিষ, মূৰৰ বিষ,উচ্চ ৰক্তচাপ আদি বিভিন্ন সমস্যাসমূহ দূৰ কৰে।

★নিদ্ৰাহীনতা দূৰ কৰাত ৰঙালাও গুটি খুৱেই উপকাৰী। ইয়াত থকা ট্ৰিপত’ফেন জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰম’ন প্ৰস্তুত কৰাত মূখ্য ভূমিকা পালন কৰে।

★চুলি সৰা সমস্যাতো সুফল পোৱা যায়, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন( ভিটামিন B, ভিটামিনC, ভিটামিন E আদি),প্ৰটিন, আইৰণ, জিংক ,কেলচিয়াম আদি আছে।

★চুলিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন ,আইৰণ আৰু প্ৰটিনৰ খুব প্ৰয়োজন। লগতে চুলিকোচা স্বাস্থ্যবান আৰু উজ্জ্বল কৰাতো ই সহায় কৰে।

★ গাঁঠিৰ বিষত ৰঙালাও গুটি উত্তম পথ্য।

★ইয়াত থকা আঁহ বা ফাইবাৰে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থকা বাবে যকৃত বা লিভাৰৰ বাবেও উপকাৰী ৰঙালাওৰ গুটি ।

★ডায়েবেটিচৰ কাৰণে ৰঙালাওৰ গুটি ইনচুলিন স্বৰূপ , ই তেজৰ চেনিৰ পৰিমাণ কম কৰে l

★ৰঙালাওৰ গুটি খালে হৃদযন্ত্ৰ ভালে থাকে কাৰণ ইয়াত আছে প্ৰয়োজনীয় চৰ্বি , ফাইবাৰ আৰু বিভিন্ন এন্টিঅকচিডেন্ট – যি হৃদযন্ত্ৰ সুস্থ ৰাখিব পাৰে ।

Exit mobile version