ৰিংকু হত্যাক লৈ চাঞ্চল্য দিল্লীত : ভি এইচ পিৰ দাবী ‘ৰাম মন্দিৰৰ চান্দা ল’বলৈ গৈ প্ৰাণ হেৰুৱালে যুৱকে’

full

দিল্লীৰ মংগলপুৰী অঞ্চলত ২৫ বছৰীয়া ৰিংকু শর্মা নামৰ এজন যুৱকক কেইজনমান লােকে হত্যা কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। ইতিমধ্যে দেশৰ ৰাজধানী চহৰখনত এই হত্যাকাণ্ডৰ ন্যায়ৰ দাবীৰে ব্যাপক প্রতিবাদো সাব্যস্ত হৈছে। টুইটাৰতাে ‘হেশ্বটেগ জাষ্টিচ ফ’ৰ ৰিংকু শর্মা’ নামৰে এক অভিযান অব্যাহত আছে।

প্রকাশিত বাতৰি অনুসৰি হত্যাৰ বলি হােৱা ৰিংকু বিজেপি আৰু বিশ্ব হিন্দু পৰিষদ (ভি এইচ পি)ৰ স’তে জড়িত আছিল আৰু বিগত কিছুদিন ধৰি তেওঁ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে চান্দা সংগ্রহ কৰিছিল। অৱশ্যে আৰক্ষীয়ে এনে দাবী অস্বীকাৰ কৰিছে। ভি এইচ পিয়ে দাবী কৰা মতে, ৰিংকুৱে ৰাম মন্দিৰৰ বাবে চান্দা সংগ্রহ অভিযানত ব্যস্ত থকাৰ সময়তে হত্যাৰ বলি হ’ল।

দিল্লী আৰক্ষীয়ে যুৱকজনৰ হত্যাৰ গােচৰত ইতিমধ্যে চাৰি অভিযুক্তক গ্রেপ্তাৰ কৰিছে। উল্লেখ্য যে যােৱা বুধবাৰে মাজনিশা ৰিংকুক চাৰিজন লােকে ছুৰিকাঘাত কৰি হত্যা কৰিছিল। আৰক্ষীৰ তথ্য মতে জন্মদিনৰ পাৰ্টিত হােৱা কাজিয়াৰ পাছতে মহম্মদ ডানিছ, মহম্মদ ইছলাম, জাহিদ আৰু মহম্মদ মেহতাবে ৰিংকুক নির্মমভাৱে ছুৰীৰে আক্ৰমণ কৰিছিল।

ৰিংকুৰ পৰিয়ালৰ লােকে দাবী কৰা মতে, হত্যাত অভিযুক্ত মহম্মদ ইছলামৰ পত্নীক তিনি বছৰ পূর্বে ৰিংকুৱে ৰক্তদানৰে জীৱন ৰক্ষা কৰিছিল। আৰক্ষীয়ে সাম্প্রদায়িক কাৰণত এই হত্যা হােৱা বুলি সন্দেহ কৰা নাই যদিও ৰিংকুৰ ভ্ৰাতৃয়ে দাবী কৰা মতে, তেওঁৰ ভ্ৰাতৃ ধর্মীয় হিংসাৰ বলি হ’ল।

Exit mobile version