ইণ্টাৰনেট পৰিসেৱা বন্ধ, প্ৰতিবাদ তীব্ৰতৰ ম্যানমাৰত

Myanmar protests 14 February

পুনৰ দেশজুৰি ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰিলে সেনাই । কিন্তু ম্যানমাৰৰ গণতন্ত্ৰকামীসকলৰ আন্দোলন ইয়াতে স্তব্ধ নহয় । বৰঞ্চ প্ৰতিবাদ অধিক তীব্ৰতৰ হয় ।

চলিত মাহৰ আৰম্ভণিতে গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত চৰকাৰক আঁতৰাই দেশ শাসনৰ ভাৰ নিজৰ হাতত তুলি লয় সেনাই । আৰম্ভণিতে মূলতঃ সমাজমাধ্যমত গণবিক্ষোভ ৰোধ কৰিবৰ বাবে ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰি দিছিল সেনাই । প্ৰবল সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত পুনৰ আৰম্ভ কৰিবলগীয়া হয় । পুৱাৰ পৰাই বিভিন্ন চহৰত ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰি দিয়া হয় ।

আজি সেনাৰ প্ৰতি জনসাধাৰণৰ ক্ষোভ আৰু বৃদ্ধি পাইছে । বিগত কিছুদিন ধৰি বিক্ষোভৰ মূল কেন্দ্ৰবিন্দু আছিল ইয়াংগান আৰু ইয়াৰ নিকটবৰ্তী অঞ্চলসমূহ । নেট পৰিসেৱা বন্ধ কৰাৰ প্ৰাক মুহূৰ্তলৈকে সমাজ মাধ্যমৰ লাইভ ষ্ট্ৰিঙত দেখা গৈছিল এই অঞ্চলসমূহত বিশাল বাহিনী মোতায়েন কৰা । পথত চলিছে সেনাৰ যুঁজাৰু বাহন ।

সংবাদ মাধ্যমে জনায় যে, বিগত সময়চোৱাত ইয়াংগণৰ উত্তৰত মেকিনা চহৰত বিক্ষোভকাৰীসকলক আঁতৰাবলৈ আৰক্ষীয়ে প্ৰথমে ক্ৰন্দন গেছ নিক্ষেপ কৰে আৰু পাছত গুলী চালনা কৰে । সেনা অভ্যুত্থানৰ বিৰুদ্ধে পথত নমাৰ বাবে চাৰিশ জনক আটক কৰে আৰক্ষীয়ে । সেনাৰ নিৰ্দেশ উপেক্ষা কৰি আজি ইয়াংগণৰ উত্তৰত হেজাৰ হেজাৰ অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ।

ম্যানমাৰৰ নাগৰিকসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ যাতে খৰ্ব নকৰে, তাৰ বাবে সেনাক পুনৰ হুংকাৰ দিছে ৰাষ্ট্ৰসংঘৰ সচিব এণ্ট’নিয়া গুটৰেছে । সেনাই তাতে কোনো কাৰণতে হিংসাৰ পথ বাচি নল‌য়, এই আৰ্জি জনায় ইউৰোপীয় ইউনিয়ন, ব্ৰিটেইন, আমেৰিকাৰ দৰে দেশৰ প্ৰতিনিধিবোৰে । ম্যানমাৰৰ নাগৰিকক কাৰ্ফিউ উপেক্ষা কৰি পথত ওলাই নাহিবলৈ আহ্বান জনায় আমেৰিকাৰ চৰকাৰে ।

ম্যানমাৰৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি টম এনড্ৰুজে সেনাক হুংকাৰ দি টুইট কৰে, ‘এনএলডি নেত্ৰী অঙ্গ ছান ছ্যু কীৰ গৃহবন্দীৰ ম্যাদ আজি সমাপ্ত হৈছে । তেওঁক আজি মুক্তি দিয়া হ’ব নে নাই তাৰ কোনো নিশ্চয়তা নাই ।’

Exit mobile version