হ্ৰাস পাব ৰন্ধন গেছৰ ৰাজসাহায্য

LPG gas cylinder 2 min 4

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আঠশ টকা হ’লেও ৰাজসাহায্য বৃদ্ধিৰ সম্ভাৱনা কম । বছৰত লাভ কৰা ১২ টকা ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ প্ৰায় সম-মূল্যতে ক্ৰয় কৰিব লাগিব । চৰকাৰী সূত্ৰ অনুসৰি, ৰন্ধন গেছৰ ৰাজসাহায্য হ্ৰাস পোৱাৰ সম্ভাৱনা বেছি ।

কেন্দ্ৰই দিয়া তথ্য অনুসৰি, যোৱা এক ফেব্ৰুৱাৰীৰ বাজেটত অৰ্থমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ’পণ্যত দিয়া ভৰ্তুকি তথ্য অনুসৰি ৰাজসাহায্য বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই, পৰিৱৰ্তে হ্ৰাস পোৱাৰহে সম্ভৱনা অধিক । ৰাজসাহায্যহীন আৰু ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য প্ৰায় একেই হ’ব । প্ৰায় ২৮ কোটি ৰন্ধন গেছৰ উপভোক্তাৰ ওপৰত চাপ বৃদ্ধি পাব ।

বাজেটত পেট্ৰ’পণ্যৰ ৰাজসাহায্য আৱন্তন হ্ৰাস কৰি তিনি ভাগৰ এভাগ কৰি দিয়া হৈছে । ২০২০-২১ত পেট্ৰ’পণ্যত ৰাজসাহায্য আৱন্তন আছিল প্ৰায় ৪১ হেজাৰ কোটি টকা । কিন্তু ইয়াক সংশোধন কৰি ৩৯ হেজাৰ কোটি টকালৈ হ্ৰাস কৰা হয় । আগন্তুক অৰ্থ বৰ্ষৰ বাবে ১৩ হেজাৰ কোটি টকা আৱন্তন কৰা হৈছে ।

অৰ্থ মন্ত্ৰণালয়ৰ এজন বিষয়াই কয়, ‘ইয়াৰ ভিতৰত কিছু পৰিমাণৰ ধন বিগত বৰ্ষৰ বকেয়া পূৰণ কৰাত ব্যৱহাৰ কৰা হ’ব । পেট্ৰ’ল-ডিজেলৰ মূল্য চৰকাৰী নিয়ন্ত্ৰণমুক্ত হোৱা বাবে সম্প্ৰতি কেৱল ৰন্ধন গেছ আৰু কেৰাচিনৰ ৰাজসাহায্য দিবলগীয়া হয় । বিগত বৰ্ষৰ পৰাই ৰন্ধন গেছ আৰু কেৰাচিনৰ মূল্য বৃদ্ধি কৰি ৰাজসাহায্য কমাই দিয়া হৈছে । আগন্তুক বৰ্ষতো ৰাজসাহায্য কমোৱা হ’ব ।’

পেট্ৰোলিয়াম মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, ২০১৫ত যেতিয়া ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰত্যক্ষভাৱে বেংক একাউণ্টত দিয়া হৈছিল, তেতিয়া প্ৰতি চিলিণ্ডাৰত ৫৬৩ টকাকৈ ৰাজসাহায্য দিয়া হৈছিল ।

ৰন্ধন গেছৰ মূল্য বৃদ্ধিক মোদী চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ইয়াক ‘জনতাৰ পৰা লুট’ বুলি আখ্যা দিছে ।

কংগ্ৰেছ‌ নেতা ৰণদ্বীপ সিং সুৰজেৱালাৰ প্ৰশ্ন, ‘এইটোৱে ভাল দিন ?’ তেওঁৰ যুক্তি, যোৱা ডিচেম্বৰতকৈ আঢ়ৈ মাহে ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১৭৫ টকা বৃদ্ধি পালে ।

Exit mobile version