মাত্ৰ ২০ বছৰ বয়সতে অগাধ সম্পত্তিৰ মালিক জয়পুৰ ৰাজপৰিয়ালৰ পদ্মনাভ সিংহ

Pacho Singh opener

খটাইকালামত ‘ৰজা’ নহ’লেও পাৰিবাৰিক ঐশ্বৰ্য আৰু অভিজাত্যে এক উজ্জ্বল ৰাজকীয় পৰিচয়। মাত্ৰ ২০ বছৰ বয়সতে তেওঁৰ অগাধ সম্পত্তিৰ মালিক। এজন ৰাজকীয় ব্যক্তি হোৱাৰ উপৰিও, জয়পুৰ ৰাজপৰিয়ালৰ পদ্মনাভ সিংহ এজন বিখ্যাত পোলো খেলুৱৈও।

পদ্মনাভ সিং জয়পুৰ ৰাজপৰিয়ালৰ ৩০৩ তম উত্তৰাধিকাৰী। তেওঁৰ ৰাজবংশ সেই দ্বাদশ শতিকাৰ পৰা জয়পুৰ শাসনৰ দায়িত্বত আছে। সেই সময়ত, এই প্ৰদেশৰ নাম আছিল অম্বৰ। ১৯ শতিকাৰ পৰা ভাৰতৰ স্বাধীনতালৈকে জয়পুৰ ব্ৰিটিছ ৰ মিত্ৰ ৰ ৰাজ্য আছিল।

প্ৰাচীন অম্বৰৰ শাসকসকল পৃথ্বীৰাজ চৱনৰ সেনাৰ গুৰুত্বপূৰ্ণ যোদ্ধা আছিল। পিছত তেওঁলোকে বাবৰৰ বিৰুদ্ধেও ৰাণা সংঘৰ বাবে যুঁজ কৰিছিল। ১৬ শতিকাৰ ৰাথোৰ ৰাজবংশে অম্বৰৰ শাসন দখল কৰে।

মোগল সম্ৰাট আকবৰৰ শাসনকালত জয়পুৰৰ স’তে সম্পৰ্ক সলনি হৈছিল। তেওঁ জয়পুৰৰ তেতিয়াৰ শাসক ৰাজা ভাৰমলৰ জীয়ৰীক বিয়া কৰায়। তেওঁৰ পুত্ৰ জাহাংগীৰই পিছত আকবৰৰ উত্তধিকাৰী হয়।

১৭ শতিকাৰ জয়পুৰৰ শাসক আছিল মহাৰাজ প্ৰথম জয় সিং। তেওঁৰ প্ৰপৌত দ্বিতীয় জয় সিংহ জয়পুৰ শাসন কৰিছিলে ১৬৯৯ ৰ পৰা ১৭৪৩ খ্ৰীষ্টাব্দলৈ । তেওঁক সেয়ে জয় সিং বুলিও কোৱা হয়। ৰজাৰ লগতে, তেওঁ এজন বিখ্যাত গণিতজ্ঞ আৰু জ্যোতিবিদ আছিল। তেওঁৰ নামৰ পৰায়ে, অম্বৰ ৰাজ্যৰ নতুন নাম হৈছে ‘জয়পুৰ’।

মহাৰাজা ভৱানী সিং ১৯৭০ চনত সিংহাসনত বহে। তেওঁ খতাইকলমৰ জয়পুৰৰ অন্তিম মহাৰাজা আছিল। তাৰ পিছত স্বাধীন ভাৰতত ৰাজতন্ত্ৰৰ সমাপ্তি হয়।

মহাৰাজা ভৱানী সিঙৰ একমাত্ৰ কন্যাৰ বিবাহৰ চাৰিওফালে ৰাজপৰিয়ালত যথেষ্ট বিতৰ্ক হৈছিল। কাৰণ জয়পুৰৰ ৰাজকুমাৰী ভৱানী সিঙৰ কন্যা দিব্যকুমাৰীয়ে সৰল পৰিয়ালৰ এজন যুৱক নৰেন্দ্ৰ সিংক বিয়া কৰিছিল। নৰেন্দ্ৰ সিঙৰ দেউতাক ৰজা ভৱানী সিঙৰ কৰ্মচাৰী আছিল।

এই বিবাহৰ পিছত দিব্যকুমাৰী ৰাজপৰিয়ালৰ পৰা বিচ্যুত হৈছিল। পিছত, অৱশ্যে, তেওঁৰ পুত্ৰ পদ্মনাভক মহাৰাজ ভৱানী সিঙে গ্ৰহণ কৰিছিল। ২০০২ চনত তেওঁ দৌহিত্ৰক সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। তেতিয়া পদ্মনাভৰ বয়স আছিল মাত্ৰ চাৰি বছৰ।

মহাৰাজ ভৱানী সিঙৰ ২০১১ চনত মৃত্যু হয়। পদ্মনাভ তেতিয়াও এজন নাবালক আছিল। গতিকে তেতিয়া তেওঁৰ আইতা পদ্মিনি দেৱীয়ে বিশাল সম্পত্তিৰ যত্ন লৈছিল। ১৮ বছৰ বয়সৰ পিছত এতিয়া জয়পুৰ ৰাজবংশৰ সম্পদৰ উত্তৰাধিকাৰী হৈছে পদ্মনাভ সিং।


পদ্মনাভৰ ভনীয়েকৰ নাম গৌৰৱী কুমাৰী আৰু ভায়েকৰ নাম লক্ষ্য ৰাজ সিং। তেওঁলোকৰ মাতৃ দিব্যকুমাৰী এজন বিজেপি নেতা আৰু লোকসভাৰ সদস্য। কিন্তু বিয়াৰ ২১ বছৰৰ পিছত নৰেন্দ্ৰ কুমাৰৰ স’তে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল।

পোলো খেলাৰ উপৰিও, ‘মহাৰাজা’ হৈছে পদ্মনাভৰ মুখ্য চখ। ফেশ্বনৰ প্ৰতিও আগ্ৰহী পদ্মনাভ। তেওঁ ইটালীৰ মিলানত এটা সন্মানীয় ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰে। বিশ্বৰ বহুতো আগশাৰীৰ ফেশ্বন ডিজাইনাৰ তেওঁৰ ঘনিষ্ঠ বন্ধু। তেওঁ ৰাজপৰিয়ালৰ ৰীতি-প্ৰথা অনুসৰি বিভিন্ন ৰাজহুৱা সেৱা কাৰ্যকলাপত জড়িত।

তেওঁ বিশ্ব পৰ্যায়ত ভাৰতীয় পোলো দলকো প্ৰতিনিধিত্ব কৰিছে। যেতিয়াই তেওঁৰ সময় থাকে তেওঁ বিশ্বৰ সকলো ঠাইত ভ্ৰমণ কৰিবলৈ ভাল পায়। ইটালী হৈছে তেওঁৰ আটাইতকৈ পছন্দৰ দেশ।

পদ্মনাভ সিঙে মুখ্য প্ৰাসাদত বাস কৰে যেতিয়া তেওঁ গোলাপী চহৰ জয়পুৰত থাকে। ইয়াৰ উপৰিও, সুজান ৰাজমহল প্ৰাসাদ আৰু ৰাম নিবাস তেওঁৰ বাবে বিলাসবহুল ব্যক্তিগত প্ৰাসাদেৰে সজ্জিত কৰা হৈছে।

পদ্মনাভ সিঙে বিদেশী সংস্কৃতিৰ প্ৰতি ভাল পোৱাৰ লগতে থলুৱা পৰম্পৰাকো সন্মান কৰে। জয়পুৰ পেলেচত তেওঁৰ হোলী খেলৰ দৃশ্য যথেষ্ট ৰঙীন। যুৱ ৰাজকীয় ব্যক্তিজনে কয় যে তেওঁ জয়পুৰৰ লোকসকলৰ বাবে কাম অব্যাহত ৰাখিব বিচাৰে।

Exit mobile version