চৌদি আৰৱৰ এখন বিশেষ প্ৰদূষণমুক্ত চহৰ

NEOM a futuristic megacity project that is part of Saudi Arabias Vision 2030

চহৰ মানেই হৈছে আমাৰ ওচৰত দেখা ইটাৰে সজা ঘৰ কাৰখানাৰ শব্দ, গাড়ীৰ ধোঁৱা,গাড়ীৰ শব্দ আৰু অসংখ্য লোকৰ ভিৰ কিন্তু আপুনি জানে নে যে চৌদি আৰৱে এখন চহৰ তৈয়াৰ কৰি আছে য’ত চহৰখনত সকলো সুবিধা আছে কিন্তু কোনো প্ৰদূষণ নহ’ব চহৰখনত লগতে ইয়াত নাথাকিব কোনো গাড়ী আৰু কোনো বাহন।এই চহৰখনৰ নাম ‘দ্য লাইন’ ।চহৰখন নিওম প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে।

যাক কোৱা হৈছে ভৱিষ্যতৰ চহৰ । এইখন এখন সম্পূৰ্ণ কাৰ্বন মুক্ত চহৰ হ’ব। চহৰখন চৌদিৰ টাবুত লোহিত সাগৰৰ পাৰত গঢ়ি উঠিব এই চহৰ ২০১৭ চনত ঘোষণা কৰা হয় নিউওম উন্নয়ন প্ৰকল্পটো। চৌদিৰ যুৱৰাজ মহম্মদ বিন ছলমানে পৰিকল্পনা কৰিছে এই প্ৰকল্পটোৰ ।পৰিকল্পনাটো হৈছে তেলৰ উপৰিও চৌদি আৰৱৰ অৰ্থনীতিৰ অধিক দিশ উন্মোচন কৰা। যুৱৰাজে কৈছিল যে প্ৰকল্পটোৱে ভৱিষ্যতে চৌদি পৰ্যটন উদ্যোগ সম্প্ৰসাৰিত কৰিব।

নিওম প্ৰকল্পটো ১০ হেজাৰ বৰ্গ মাইল অঞ্চলত সম্প্ৰসাৰিত। তাৰ অধীনত তৈয়াৰী হোৱা দ্য লাইন চহৰৰ বিস্তৃত দূৰত্ব ১৭০ কিলোমিটাৰ ।এই চহৰখন এনেদৰে ডিজাইন কৰা হৈছে যাতে নগৰ জীৱনৰ সকলো লাভালাভ হাততে পায়। যিকোনো বস্তুৰ বাবে গাড়ীত উঠাৰ কোনো প্ৰয়োজন নহ’ব।বিদ্যালয়, চিকিৎসালয়, ৰেষ্টুৰেণ্ট, কফি দোকান, কিতাপৰ দোকানৰ পৰা কাৰ্যালয়লৈ, ঘৰৰ পৰা খোজ কাঢ়ি ১০ মিনিটৰ ভিতৰতে সকলো পোৱা যাৱ ।

চহৰখন নিৰ্মাণ কৰিবলৈ পাঁচ হেজাৰ কোটি ডলাৰ ব্যয় হ’ব। অতি শীঘ্ৰেই আৰম্ভ কৰা হ’ব এই চহৰখনৰ নিৰ্মাণৰ কাম । চহৰত কমেও ১০ লাখ মানুহ বাস কৰিব পাৰিব। ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হ’ব এই চহৰখন। এইখন এখন তিনিটা স্তৰৰ চহৰ হ’ব। যাৰ শীৰ্ষত থকা স্তৰটো বসবাসৰ বাবে হ’ব। তাত কোনো বাহন চলাচল কৰিব নোৱাৰিব ।তাৰ নিম্ন স্তৰ মূলতঃ আন্তঃগাঁথনি ৰ উন্নতি আৰু গাড়ীৰ বাবে হ’ব, একেবাৰে তলত থকা স্তৰটোত চলিব ৰেল আৰু গাড়ী সমূহ ।

সেইবাবে চহৰখনৰ আকাৰ দীঘল হ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰতিটো স্তৰত নিৰীক্ষণ ৰখা হ’ব।এই চহৰখন কেন্দ্ৰ কৰি তিনি লাখ ৮০হেজাৰ মানুহৰ কৰ্মসংস্থান হ’ব আৰু দেশৰ জিডিপিত কমেও ৮০০ কোটি ডলাৰ যোগ হ’ব। আশা কৰা হৈছে যে এই স্মাৰ্ট চিটিয়ে চৌদি পৰ্যটন ব্যৱসায় সম্প্ৰসাৰিত কৰাত সহায় কৰিব।

Exit mobile version