বলিউড অভিনেত বিবেক অ’বেৰয়ে দেশৰ গ্রামাঞ্চলৰ কৃষক পৰিয়ালৰ মেধাৱী ছাত্র-ছাত্ৰীক বিত্তীয়ভাৱে পৃষ্ঠপােষকতা প্রদানৰ বাবে এক আঁচনি যুগুত কৰিছে। অভিনেতাজনে ছাত্র-ছাত্রীক মুঠ ১৬ কোটি টকাৰ শিক্ষাবৃত্তি প্রদান কৰিব। গ্রামীণ ভাৰতত বসবাস কৰা কৃষক পৰিয়ালৰ সন্তানক এই ছাত্রবৃত্তি প্রদানৰ জৰিয়তে বিবেকে গাঁৱতে থাকি জে ই ই আৰু এন ই ই টিৰ দৰে প্রতিযােগিতামূলক প্রৱেশ পৰীক্ষাৰ প্রস্তুতি চলােৱাত সহায় কৰিব বিচাৰিছে।
এই অভিযানৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতাজনে কয় যে গাঁৱৰ প্ৰতিটো সন্তানে যেতিয়া উন্নতি লাভ কৰে তেতিয়া কেৱল তেওঁৰ পৰিয়ালে নহয়, সমগ্র গাঁওখনে অগ্রগতি লাভ কৰে। আমাৰ আশে-পাশে এনে বহুতাে মেধাৱী আৰু প্ৰতিভাশালী যুৱ-ছাত্র আছে, যিসকলে বিত্তীয় অসুবিধাৰ বাবে উচ্চ শিক্ষা আহৰণ কৰিবলৈ প্রয়ােজনীয় ক’চিং ল’বলৈ অথবা নিজৰ পছন্দৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ অসমর্থ হয়।
এনে মেধাৱী ছাত্র-ছাত্রীক সহায় কৰিবলৈ মই আৰু মােৰ সতীর্থসকলে একেলগে কাম কৰিবলৈ সিদ্ধান্ত লৈছাে। আই-৩০ আৰু ছুপাৰ-৩০ৰ ডিজিটেল সংস্কৰণৰ সহযােগত বিবেকে গ্রামাঞ্চলৰ কৃষক পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই পদক্ষেপ গ্রহণ কৰিছে। আই আই টিৰ লগতে মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত গ্রামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল বিবেকৰ এই আঁচনিৰ জৰিয়তে উপকৃত হব।






























