৫০ কেজি ওজন কমাই ৰেম্পত ধুমুহাৰ সৃষ্টি কৰিছে দেশীয় ক্লুণীয়ে

Dinesh Mohan Model 22

মাত্র ৪৪ বছৰ বয়সতে জীৱনৰ আশা পৰিত্যাগ কৰা এজন লােকে এতিয়া জীয়াই থকাৰ পথ দেখুৱাইছে হতাশাগ্রস্তক। শাৰীৰিক-মানসিকভাৱে এনেদৰে ভাঙি পৰিছিল যে শয্যাশায়ী হৈ দিন কটাবলৈ বাধ্য হৈছিল। কিন্তু অপমানৰ প্ৰত্যুত্তৰ দিয়াৰ বাবেই এদিন হঠাৎ যি সিদ্ধান্ত ল’লে, সেই সিদ্ধান্তই তেওঁলৈ কঢ়িয়াই আনিলে নতুন জীৱন।

সেই নতুন জীৱনৰ পথেৰে আগবাঢ়ি গৈ সেই হতাশাগ্রস্ত লােকজনেই এতিয়া দেশৰ মডেলিঙৰ ক্ষেত্ৰখনৰ এক আগশাৰীৰ মডেলত পৰিণত হৈছে। আদবয়সত তেওঁ পৰিচিত হৈ পৰিছে মডেলিং জগতৰ দেশীয় ক্লুণী’ নামেৰে। এসময়ত মেদবহুলতাত ভােগা দীনেশ মােহন নামৰ এই মডেলজনে ভাবিবলৈ বাধ্য হৈছিল যে তেওঁ হয়তাে বেছি দিন জীয়াই নাথাকিব।

সম্পূৰ্ণৰূপে শয্যাশায়ী হৈ পৰা লােকজনৰ ৪৪ বছৰ বয়সতে শৰীৰৰ ওজন হৈছিলগৈ ১৩০ কেজি। এতিয়া পঞ্চাশাের্ধ্বৰ বয়সত সেই মােহনেই নামী ডিজাইনাৰৰ ব্ৰেণ্ডৰ হৈ ৰেম্পত দপদপাই আছে। ঢকঢকীয়া বগা চুলি আৰু দাড়ি। মুখত সামান্য বলিৰেখা স্পষ্ট। চকুৰ তলৰ চালতাে ভাজ পৰিছে। অথচ শাৰীৰিক সৌষ্ঠৱ চকুত লগা আটিল চেহেৰা চাল-চলনাে যথেষ্ট সপ্রতিভ একেবাৰে হলিউদৰ মহাতাৰকা অভিনেতা জর্জ ক্লুণীৰ দৰে।

এতিয়া দেশৰ আগশাৰীৰ ফেশ্বন পত্রিকাত তেওঁৰ সাক্ষাৎকাৰ প্রকাশ হয়। কম বয়সীয়া ছুপাৰ মডেলসকলক এৰি অডিচনত তেওঁকে বাছি লয় ইটোৰ পাছত সিটো মডেল সংস্থাই। অথচ সেইজন জনপ্রিয় মডেলেই মাত্র ৪৪ বছৰতে মৃত্যুৰ আশংকাত ভুগিবলৈ বাধ্য হৈছিল। সম্প্রতি এক সাক্ষাৎকাৰত নিজৰ সংগ্রাম, অনুপ্ৰেৰণা আদিৰ বিষয়ে সদৰী কৰিছে।

প্রৌঢ়ত্বৰ দুৱাৰচলিত আহি কিদৰে মডেল হ’ল, শূন্যৰ পৰা আৰম্ভ কৰাৰ বাবে কাৰ পৰা প্ৰেৰণা পালে আদি সকলাে কথাই তেওঁ জনাইছে। মােহনে জনাইছে যে ব্যক্তিগত জীৱনত এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈয়েই তেওঁ কম বয়সতে হতাশাগ্রস্ত হৈ পৰিছিল। জীয়াই থকাৰ ইচ্ছাই হেৰুৱাই পেলাইছিল তেওঁ।

সেই সময়ত তেওঁ দিনৰ পাছত দিন ধৰি বিছনাতে পৰি থাকিবলগীয়া হৈছিল। মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। মােহনক সুস্থ কৰি তােলাৰ যাৱতীয় চেষ্টা কৰিছিল তেওঁৰ জ্যেষ্ঠা ভগ্নী আৰু ভিনিহীয়েকে। মানসিক ৰােগৰ চিকিৎসকৰ স’তে আলােচনা কৰি তেওঁলােকে মােহনৰ যত্ন লােৱাৰে পৰা সকলােখিনি কৰিছিল।

মােহনে কয়, তাৰ পাছতাে সুস্থ হােৱাৰ কোনাে ইচ্ছা বা চেষ্টাই মােৰ নাছিল। লাহে লাহে পৰজীৱী হৈ পৰিছিলাে। মােৰ ওজন বাঢ়ি বাঢ়ি ১৩০ কেজি হৈছিলগৈ। বিৰক্ত হৈ পৰিছিল মােহনৰ আত্মীয়-স্বজনেই। তেওঁ কয়, এদিন তেওঁলােকেই মােক এই বিষয়ত প্রায় অপমান কৰিলে। সেই তীব্র অপমানেই মােহনৰ জীৱনৰ পথাে সলনি কৰি পেলায়। তেতিয়াৰ পৰাই তেওঁ পুষ্টিবিদৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে।

শৰীৰচৰ্চাও কৰিবলৈ লয় তথাপি হতাশাই প্রায়ে গ্রাস কৰিছিল। কিন্তু এইবাৰ তেওঁ মানসিকভাৱে সবল হৈ পৰিছিল। নিজকেই আত্মবিশ্বাস যােগাইছিল। সেই আত্মবিশ্বাসৰ বাবেই তেওঁ ৫০ কেজি ওজন কমাবলৈ সক্ষম হৈছিল। সুস্থ হােৱাৰ এই যাত্রা অৱশ্যে বৰ সহজ নাছিল। তথাপি এদিন এজন প্রতিবেশীয়ে চিনিব নােৱৰাত তেওঁ বৰ স্ফুর্তি পাইছিল। সেই ঘটনাই তেওঁক উদ্বুদ্ধও কৰিছিল।

অৱশ্যে শৰীৰৰ ওজন কমােৱা আৰু ৫০ বছৰ বয়সত নিজক দেশৰ গ্লেমাৰ মডেল ৰূপে প্রতিষ্ঠা কৰাটো সহজ কথা নহয়। মােহনে কয় যে এখন ফেশ্বন পত্রিকাত তেওঁ ক্ষীণ হােৱাৰ আগৰ আৰু পৰৱর্তী সময়ৰ ফটো প্রকাশ পাইছিল। তাৰ পাছৰ পৰাই সৰু- সুৰা মডেলিঙৰ প্ৰস্তাৱ আহিবলৈ আৰম্ভ কৰিছিল বিষয়টো পছন্দ হৈছিল মােহনৰ।

তেওঁ অডিচন দিয়াৰাে সিদ্ধান্ত লয়। মােহনে কয়, ‘যিসকলে সেইদিনা অডিচন দিছিল, তেওঁলােক সকলােৱেই মােতকৈ বহু সৰু আছিল। মই ভাবিছিলাে, মােৰ ইয়াত সুযােগ নাই। অৱশ্যে সেই অডিচনৰে এজন ফটোগ্রাফাৰে মােহনক উৎসাহী কৰি কৈছিল, তুমি সঠিক স্থানতে উপস্থিত হৈছা।মডেলিঙেই তােমাৰ আদর্শ জগত। তাৰ পৰাই ইটোৰ পাছত সিটোকৈ মডেলিং কৰি কৰি এটা সময়ত তেওঁ লাভ কৰিলে দেশীয় ক্লুণী ’ আখ্যা।

তেওঁ ইতিমধ্যে চলমান খান আৰু ৰজনীকান্তৰ লগত ছবিত অভিনয়াে কৰিছে। মােহনৰ এই পৰিৱর্তনে অবাক কৰিছিল তেওঁৰ আত্মীয়-স্বজনকো। তেওঁলােকে কৈছিল, ‘খােজকাঢ়িব নােৱৰা অৱস্থাৰ পৰা এতিয়া ৰেম্পত খােজ দিয়াৰ অৱস্থাত তুমি উপনীত হৈছা। নিঃসন্দেহে বহুখিনি পথ আগুৱাই আহিলা তুমি। এই কথা শুনি পৰম আনন্দ পাইছিল মােহনে। ফেচবুকত তেওঁৰ উত্থানৰ কাহিনীয়ে ইতিমধ্যে ১৮ হেজাৰ ‘লাইক’ পাইছে। এই প্রসংগত মােহনে কয়, ‘মােৰ এই কাহিনীয়ে যদি মােৰ দৰেই কাৰােবাক ঘূৰি থিয় হােৱাত সহায় কৰে, তেন্তে ময়েই সবাতােকৈ আনন্দিত হ’ম।

Exit mobile version