উইকেট ৰক্ষক হিচাপে কেনেকৈ উন্নতি ঘটালে পণ্টে ?

জনালে প্ৰশিক্ষকে

jpg

২০১৯ত ৰাজক’ট বাংলাদেশৰ বিৰুদ্ধে টি-২০ মেচত এটা সহজ ষ্টাম্পিঙৰ সোণালী সুযোগ ব্যৰ্থ কৰিছিল ঋষভ পণ্টে । বলটো উইকেটত লগাৰ পূৰ্বেই ধৰিছিল পণ্টে । ইয়াৰ পাছত পণ্টে খেলপথাৰত নমাৰ লগে লগেই ‘ব্ৰিং বেক ধোনী’ শ্ল’গান দিয়া আৰম্ভ কৰিছিল দৰ্শকে । কিন্তু অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছৰ পৰাই সকলোবোৰ সলনি হৈ পৰিল । তেওঁ উইকেট ৰক্ষক হিচাপে ব্যাপক উন্নতি কৰে । তেওঁক প্ৰশিক্ষণ দিছিল ভাৰতীয় দলৰ অধিনায়ক বিৰাট ক’হলি আৰু প্ৰশিক্ষক ৰবি শাস্ত্ৰী ।

পণ্টৰ পূৰ্বৰ প্ৰশিক্ষক দেবেন্দ্ৰ শৰ্মাই কয়, ‘অষ্ট্ৰেলিয়াৰ পৰা উভতাৰ পাছত ঋষভ মোৰ কাষত আহিছিল । কিপিং কৰাৰ লগতে তেওঁক স্পিনাৰসকলৰ বিৰুদ্ধে আগবাঢ়ি অহাৰ পৰামৰ্শ দিছিলো । লগতে দুখন ভৰি আৰু সচল কৰাৰ পৰামৰ্শ দিছো । এই সকলোবোৰ ভালকৈ আয়ত্ত কৰিব পাৰিলে ঋষভে কিপাৰ হিচাপে আৰু উন্নতি কৰিব ।’

এই আলোচনাৰ মাজত পণ্টৰ বাল্যকালৰ দিনবোৰ পুনঃ স্মৰণ কৰিলে তেওঁৰ প্ৰশিক্ষকে । প্ৰশিক্ষক শৰ্মাই কয়, ‘১৪ বছৰ বয়সত তেওঁ যেতিয়া ছনেট ক্লাবত আহিছিল তেতিয়া তেওঁক খেলাব পৰা ধৰণৰ দল নাছিল । কিন্তু তেওঁৰ জেদ দেখি বয়সতকৈ কিছু ডাঙৰ দলৰ ল’ৰাৰ স’তে খেলুৱাইছিলো । সেই মেচবোৰত অপেনিং বেটিঙৰ কিপিং কৰিছিল । কম বয়সতো একাধিক মেচ জয় কৰিছিল । কাৰণ তেওঁ ক্ৰিকেট উপভোগ কৰে । সেয়ে পণ্টে সফলতা লাভ কৰিছে ।’

Exit mobile version