মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যহস্তীৰ তাণ্ডৱ

বাগসাৰ লাৱদাংগুৰিত গৃহৰ ক্ষতিসাধন, তহিলং খেতিপথাৰ

IMG 20210223 183019

যোৱা নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকে  বাগসাৰ শালবাৰীৰ লাৱদাংগুৰি পথাৰ আৰু হেলচীগুৰি অঞ্চলত তাণ্ডৱ চলায় । নিশা প্ৰায় এক বজাত বন্যহস্তীৰ জাকটোৱে বহুকেইটা পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণভাৱে ভাঙি পেলায় ৷

পথাৰৰ বিভিন্ন শস্য খাই তহিলং কৰে হাতীৰ জাকটোৱে ৷ হাতীৰ জাকটোৱে অঞ্চলটোৰ মইনামাতা গাঁৱৰ প্ৰতিমা বসুমতাৰী, দেৱী বসুমতাৰী আৰু লাৱদাংগুৰি গাঁৱৰ মনীষা গয়াৰীৰ বাসগৃহ সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰে ৷ কোনো মতে প্ৰাণ ৰক্ষা কৰি বন্যহস্তীৰ আক্ৰমণৰ পৰা পলাবলৈ সক্ষম হয় পৰিয়ালকেইটাই ৷‌

কিন্তু ইমানৰ পাছতো মাত্ৰ তিনি কিলোমিটাৰ নিলগত থকা কাহিতামাস্থিত বন বিভাগে কোনোধৰণে নিৰাপত্তা প্ৰদান নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা অঞ্চলটোত প্ৰায়ে সংঘটিত হৈ অহাৰ পাছতো বন বিভাগে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ কৰি বিভাগটোৰ উৰ্দ্ধতন কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনায় ৷

Exit mobile version