মোদী-শ্বাহৰ‌ ৰাজ্যত ছখন চহৰত পৌৰ ভোটত আগবাঢ়ি আছে বিজেপি

PMMODI

আজি গুজৰাটৰ ছখন চহৰত পৌৰ ভোটৰ গণনা আৰম্ভ হৈছে । প্ৰথম তিনি ঘণ্টাৰ প্ৰাথমিক প্ৰবণতাই কয়, মোদীৰ চহৰৰ মূল ছখন‌ চহৰত বিজেপিয়ে আগবাঢ়ি আছে । কিছুসংখ্যক অঞ্চলত আম আদমি পাৰ্টিয়ে নিজ অস্তিত্ব অটুট ৰখাত সক্ষম হৈছে । কিন্তু কংগ্ৰেছৰ কোনো‌ চিন চাপেই নাই এই ৰণত ।

আজি পুৱা ন বজাৰ পৰা বিয়লি ১২ বজালৈকে আহমেদাবাদ, সুৰাট, ৰাজক’ট ভদ’দৰা, ভাবনগৰ আৰু জামনগৰ ভোট কেন্দ্ৰত ৪৩ খন‌ আসনত বিজেপি আগবাঢ়ি আছে ।‌ এএপি ১৮খন । কংগ্ৰেছ ১০ আৰু মায়াৱতীৰ বিএছপি আপাতত তিনিখন ।

দেওবাৰে গুজৰাটৰ ছটা পৌৰনিগমৰ ভোট গ্ৰহণ অনুষ্ঠিত হয় ‌।১৪৪ টা ৱাৰ্ডৰ ৫৭৬ খন আসনৰ বাবে ভোট গ্ৰহণ কৰা হয় । কিন্তু ভোট দিয়াৰ হাৰ যথেষ্ট কম আছিল । জামনগৰ আৰু ৰাজক’টৰ বাহিৰে বাকী চাৰিখন চহৰত ভোটদাতাসকলৰ সংখ্যা ৫০ শতাংশও অতিক্ৰম নকৰে। ভোটদাতাসকলৰ মুঠ সংখ্যা হিচাপত আটাইতকৈ কম ভোটদান কৰিছে গুজৰাটৰ ৰাজধানী আহমেদাবাদ। ৪২.৫১ শতাংশ ভোটদান হৈছে আহমেদাবাদত ।

আহমেদাবাদৰ বস্ত্ৰাল পেনেলৰ এখন আসনত জয়ী বিজেপি । এএপিয়ে ছুৰাটৰ ছয় নম্বৰ ৱাৰ্ডৰ । আনহাতে, জামনগৰৰ ছয়‌নম্বৰৰ ৱাৰ্ডৰ‌ তিনিখন আসনত আগবাঢ়ি আছে মায়াৱতীৰ দল ।

গুজৰাটত দুটা‌ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । প্ৰথম পৰ্যায়ত যোৱা ২১ ফেব্ৰুৱাৰীত গুজৰাটৰ ছখন চহৰৰ পৌৰনিগমত ভোট গ্ৰহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ত মোদীৰ ৰাজ্যত ৮১ টা পৌৰসভা, ৩১টা জিলা পঞ্চায়ত‌ আৰু ২৩১ টা তালুক পঞ্চায়তৰ ভোট হ’ব ২৮ ফেব্ৰুৱাৰীত ।

Exit mobile version